সাংস্কৃতিক জগতৰ চিনাকি নাম হৃতিদীপ্ত ৰায়ৰ অকাল বিয়োগ
উদীয়মান কষ্টিউম ডিজাইনাৰ, মেক-আপ আৰ্টিষ্ট, ধুবুৰী জিলাৰ সাংস্কৃতিক জগতখনৰ অতি চিনাকি নাম ধুবুৰী জিলাৰ গোলকগঞ্জৰ মৈসা প্ৰথম খণ্ডৰ বাসিন্দা হৃতিদীপ্ত ৰায় আৰু নাই।
সকলোৰে মাজত হিমু নামেৰে পৰিচিত ২৬ বছৰীয়া এই যুৱকজনৰ আজি পুৱা অকষ্মাতে মৃত্যু হয়। যুৱকজনৰ এই অকাল মৃত্যুৰ ঘটনাই কেৱল গোলকগঞ্জতেই নহয়; সমগ্ৰ ধুবুৰী জিলাত এতিয়া শোঁকৰ ছা।
১৯৯৯ চনৰ ২৬ মাৰ্চৰ দিনা পশ্চিম মৈসা প্ৰথম খণ্ডত জন্মা হৃতিদীপ্ত ৰায়ৰ পিতৃ আছিল আগমনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক প্ৰয়াত হেমন্ত ৰায়ৰ কনিষ্ঠ পুত্ৰ। আগমনিৰ কালডোবাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত স্কুলীয়া জীৱন আৰম্ভ কৰা ৰায়ে ২০২০ বৰ্ষত গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
২০২২ চনত আগমনি আঞ্চলিক ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ২০২৫ বৰ্ষৰ শেষৰ ফালে আগমনি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল হৃতিদীপ্তই।
এক উদীয়মান কষ্টিউম ডিজাইনাৰ ৰায়ে ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ১২-১৩ তাৰিখে পশ্চিমবংগৰ আলিপুৰদুৱাৰত অনুষ্ঠিত Koch-Rajbongshi Film Festivalত পৰম্পৰাগত সাজপাৰ শিতানত বেষ্ট কষ্টিউম ডিজাইনাৰ (ফল্ক)ৰ বঁটা লাভ কৰিছিল।
মৃত্যুৰ সময়ত মাতৃ, দাদা-বৌৱেক আৰু অসংখ্য গুণমুগ্ধক এৰি যায়। আজি নিজ গাঁৱৰ গংগাধৰ নৈৰ পাৰত অসংখ্যজনৰ অশ্ৰুসিক্ত নয়নৰ উপস্থিতিত তেওঁৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয়।
ইতিমধ্যে, উদীয়মান এই যুৱকজনৰ অকাল মৃত্যুত আগমনি আঞ্চলিক ছাত্ৰ সন্থা, আগমনি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আগমনি আঞ্চলিক সমিতি, আগমনী কাপ ক্ৰিকেট টুৰ্নামেণ্ট সমিতিকে ধৰি অন্যান্যয়ো গভীৰ শোক প্ৰকাশ কৰিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ ডিচেম্বৰ