নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত সোণৰ পদক জয় ৰংজুলিৰ হাইমী দাসৰ

কলকাতা কোৰিয়ান টাইকোৱানডো এছোচিয়েচনৰ উদ্যোগত কলকাতাৰ বিশ্ব বাংলা চেণ্টাৰত অনুষ্ঠিত হোৱা নৱম টি আই এ অ’পেন আন্তৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত ৰংজুলি ক্ৰীড়া সন্থাৰ হাইমী দাসে সোণৰ পদক অৰ্জন কৰে l

যোৱা ২১ৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত প্ৰতিযোগিতাত হাইমী দাসে পুমচেই ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰিছিল আৰু চূড়ান্ত খেলখনত বিজয়ী হৈ সোণৰ পদকেৰে গোৱালপাৰা জিলা আৰু অসমলৈ সুনাম কঢ়িয়াই আনে l হাইমী দাসে কলকাতাৰ পৰা কালি ৰংজুলিত উপস্থিত হোৱাৰ পিছতে ৰংজুলি ক্ৰীড়া সন্থাই উষ্ম আদৰণি জনায় l

উল্লেখনীয় যে হাইমী দাসে চলিত বৰ্ষতে চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত দ্বৈত শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

নিয়মীয়া বাৰ্তা, ৰংজুলি, ২৭ ডিচেম্বৰ :

You might also like