নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ঠাকুৰবিলাত পদ্মশ্ৰী ড° বিৰুবালা ৰাভা সাংস্কৃতিক প্ৰকল্প উদ্বোধন

অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে অক্লান্ত সংগ্ৰাম চলাই পদ্মশ্ৰী সন্মান লাভ কৰা ড° বিৰুবালা ৰাভাৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত লাভ কৰা ৫১.৪২ লাখ টকাৰ সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়৷ উল্লেখ্য যে ড° বিৰুবালা ৰাভাৰ জীৱিত অৱস্থাত উক্ত প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ হোৱা সময়লৈকে জীয়াই নাথাকিল যদিও ঠাকুৰবিলাৰ দৰে এটি পিছপৰা অঞ্চললৈ এটি বৃহৎ অৱদান দি যাবলৈ সমৰ্থ হ’ল বুলি সাংস্কৃতিক প্ৰকল্প ভৱনটো উদ্বোধন কৰি ৰাইজৰ আগত ব্যক্ত কৰে গোৱালপাৰা জিলা পৰিষদৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ বাসুদেৱ ৰাভাই৷

উল্লেখ্য যে ঠাকুৰবিলা অঞ্চলৰ অগ্ৰণী সমাজসেৱক অনন্ত ৰাভাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ মাংগলিক কাৰ্যৰ মাজেৰে উদ্বোধন কৰি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সাংস্কৃতিক প্ৰকল্পৰ ফিতা কাটি বাসুদেৱ ৰাভাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ গোৱালপাৰা জিলাৰ দ্বাৰকা গাঁও পঞ্চায়তৰ অন্তৰ্গত থাকুৰবেলা গাঁৱৰ ৰাজহুৱা খেলপথাৰত সংলগ্ন ভূমিত নিৰ্মাণ কৰা উক্ত ভৱন মুকলি হোৱাৰ লগে লগে বৃহত্তৰ অঞ্চলটোত ৰাজহুৱা সভাগৃহ এটিৰ দীৰ্ঘদিনৰ অভাৱ পূৰণ হ’ল৷

গোৱালপাৰা জিলা উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা উক্ত প্ৰকল্পত সুদৃশ্য সভাঘৰৰ লগতে উন্নত সা-সুবিধাযুক্ত দুটা অতিথি থাকিব পৰা কোঠাও সংলগ্ন কৰা হৈছে৷ শুভ উদ্বোধনী অনুষ্ঠানত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ১৬নং দ্বাৰকা সমষ্টিৰ সাধাৰণ সদস্য মোদিত ৰাভা, ১৯নং দদান পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য দিবাকৰ ৰাভা, ৰাভা হাছং যৌথ মঞ্চৰ কেন্দ্ৰীয় সম্পাদক লোহিত চেত্ৰী, দদান মন্ডলৰ সভাপতি অৰুণ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়চন্দ্ৰ দাবাং, প্ৰয়াত বিৰুবালা ৰাভাৰ পুত্ৰ বিষ্ণু ৰাভা, ঠাকুৰবিলা গাঁওখনৰ গাঁওবুঢ়াৰ লগতে স্থানীয় বহুসংখ্যক লোক উক্ত অনুষ্ঠানত উপস্থিত থাকে৷

উল্লেখ্য যে সমাজৰ গাঁওবুঢ়াসকলৰ সৈতে মত বিনিময় কৰি আগন্তুক সময়ত জিলা পৰিষদৰ পুঁজিৰে আন্তঃগাঁথনি উন্নয়নৰ আঁচনি ৰূপায়ণ কৰিব বুলিও পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধ্যক্ষ বাসুদেৱ ৰাভাই ব্যক্ত কৰে৷

নিয়মীয়া বাৰ্তা, টিপলাই, ২৭ ডিচেম্বৰ :

You might also like