দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ১৯ বছৰ অনূর্ধ্ব দলৰ নেতৃত্বত বৈভৱ
দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখন এদিনীয়া মেচৰ শৃংখলাত ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলক নেতৃত্ব দিব বৈভৱ সূর্যবংশীয়ে৷ ঘোষণা কৰা ১৫ জনীয়া দলত বর্তমানৰ দুর্দান্ত বেটাৰগৰাকীক অধিনায়কৰ দায়িত্ব প্রদান কৰে৷
বিগত সময়ত য়ুথ এছিয়া কাপৰ প্রথমখন মেচতে ইউএইৰ বিৰুদ্ধে দর্শনীয় ১৭১ ৰান সংগ্রহ কৰা বৈভৱে ফাইনেলতো দুর্দান্ত আৰম্ভণি কৰিছিল যদিও সোনকালে পেভিলিয়নমুখী হয়৷ চলিত বিজয় হাজাৰে ট্রফীত অৰুণাচল প্রদেশৰ বিৰুদ্ধে ৮৪টা বলত ১৬টা চাৰি আৰু ১৫টা ছয়েৰে ১৯০ ৰানৰ সাহসী ইনিংছ খেলা বৈভৱ ৰাজবংশীয়ে নির্বাচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷
৩০ ডিচেম্বৰত দলটো দক্ষিণ আফ্রিকালৈ ৰাওনা হ’ব৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিব লগা দলটো হৈছে– বৈভৱ সূর্যবংশী (অধিনায়ক), এৰণ জর্জ (উপ–Dধিনায়ক) বেদান্ত ত্রিবেদী, অভিজ্ঞ কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰএছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান পেটেল, মহম্মদ এনান, হেনিল পেটেল, দীপেশ দেৱেন্দ্রন, কিষাণ সিং, উদ্ধৱ মোহন, যুৱৰাজ গোহিল আৰু ৰাহুল কুমাৰ৷
দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে নেতৃত্ব দিলেও ১৯ বছৰ অনূর্ধ্বৰ বিশ্বকাপত মুম্বাইৰ আয়ুস মাত্রেই ভাৰতীয় দলক নেতৃত্ব দিব৷ ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্রৱাৰীলৈ জিম্বাব’ৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট৷ বিশ্বকাপৰ খেলিবলগীয়া দলটোও ঘোষণা কৰে বিচিচিআয়ে৷
ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ