নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : দিছপুৰ দখলৰ যুঁজ

দিছপুৰ দখলৰ মহাৰণলৈ মাজত মাথোঁ তিনি মাহ আছে৷ আগন্তুক ৰঙালী বিহুৰ সময়তে অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনক কেন্দ্র কৰি শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনী তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ৰাজপাটত অধিষ্ঠিত হ’বলৈ বিজেপিকে ধৰি শাসকীয় দলকেইটা তৎপৰ হৈছে৷ বিগত এটা দশক ৰাজ্যৰ ক্ষমতাৰ পৰা বিতাড়িত বিৰোধী কংগ্রেছ দলৰ মাজতো সাংগঠনিক তৎপৰতা কিছু পৰিমাণে বৃদ্ধি হৈছে৷ আগন্তুক বিধানসভাৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৯ আৰু ২০ ডিচেম্বৰত অসম ভ্রমণৰ সময়তে নির্বাচনী ৰণডংকা বজাইছে৷ গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠৰ দ্বিতীয়টো অত্যাধুনিক টার্মিনেল উদ্বোধন আৰু নামৰূপৰ এম’নিয়া–ইউৰিয়া প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখন ৰাজহুৱা সভাতো ভাগ লৈ নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ প্রধানমন্ত্রীৰ আগমনৰ পিছতো ২৯ ডিচেম্বৰত অসম ভ্রমণৰ কার্যসূচী লৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ বটদ্রৱাৰ মহাপুৰুষজনাৰ জন্মস্থানত ৰাজ্য চৰকাৰে নির্মাণ কৰা বৰদোৱা প্রকল্প উদ্বোধন কৰাৰ লগতে জ্যোতি–বিষ্ণু আন্তর্জাতিক প্রেক্ষাগৃহ মুকলি কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্পৰে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক ঐক্যবদ্ধ হ’বলৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আহ্বান জনাইছে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ আগমনৰ পূর্বে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক বৈঠক অনুষ্ঠিত হৈছে৷ আগন্তুক বিধানসভা নির্বাচনৰ ৰণনীতি প্রস্তুতক লৈ আয়োজিত ৰাজ্যিক কার্যনির্বাহক বৈঠকত লক্ষণীয়ভাৱে উপস্থিত থাকে বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্রীয় কার্যকৰী সভাপতি নীতিন নবীন৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপৰি ৰাজ্যিক কার্যনির্বাহক বৈঠকত ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, নির্বাচন প্রভাৰী বৈজয়ন্ত পাণ্ডা, ৰাজ্যিক প্রভাৰী হৰিশ দ্বিবেদী, সহকাৰী নির্বাচন প্রভাৰী সুনীল শর্মা আদি৷ বিগত এটা দশকত ৰাজ্যখনত বিজেপিৰ সাংগঠনিক ভেটি ক্রমাগতভাৱে শক্তিশালী হৈছে আৰু এই সময়ছোৱাত ৰাজ্যখনত অনুষ্ঠিত নির্বাচনসমূহত দলটোৱে বর্ধিত সাফল্যৰ ধাৰা বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷ বিজেপিৰ এনে সাফল্যৰ অন্তৰালত মাথোঁ সাংগঠনিক ভেটিয়ে মূল কাৰক নহয়৷ মাথোঁ দলীয় নেতা–কর্মীৰ শক্তিৰে কোনো এটা ৰাজনৈতিক দলে নির্বাচনত ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ সর্বসাধৰণ ৰাইজ আৰু ভোটদাতাৰ আস্থা আৰু বিশ্বাসেই নির্বাচন জিকাৰ মূল চাবিকাঠী৷ লক্ষণীয় এই যে মাথোঁ বিধানসভা অথবা লোকসভা নির্বাচনেই নহয়, বিজেপিয়ে স্থানীয় নিকায়ৰ নির্বাচনসমূহকো সমানে গুৰুত্ব প্রদান কৰি আহিছে৷ বিজেপিৰ তুলনাত অন্যান্য ৰাজনৈতিক দলসমূহৰ মাজত এনে তৎপৰতা পৰিলক্ষিত হোৱা নাই৷
ৰাজ্যৰ ৰাজনীতিত এতিয়া বিজেপি অধিক শক্তিশালী হৈ আছে৷ একেৰাহে দুটা কার্যকাল ক্ষমতাত থকা দলটোৱে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সুযোগ ইতিমধ্যে গ্রহণ কৰিছে৷ ইয়াৰ বিপৰীতে বিগত এটা দশক বিৰোধীৰ আসনত থকা কংগ্রেছৰ সাংগঠনিক ভেটি এতিয়াও শক্তিশালী হৈ উঠা নাই৷ অন্যান্য বিৰোধী দলৰ তুলনাত দীর্ঘকাল ক্ষমতাত থকা কংগ্রেছৰ তৃণমূল পর্যায়ত এতিয়াও একাংশ নেতা-কর্মী আছে৷ কিন্তু নির্বাচনী ৰণ জিকাৰ বাবে ৰাজ্যখনত প্রয়োজনীয় শক্তি এতিয়াও গঢ়ি তুলিব পৰা নাই দলটোৰ নেতৃত্বই৷ ২০০১ চনৰ পৰা একেৰাহে ১৫ বছৰ ধৰি ৰাজ্যৰ ক্ষমতাত থকা কংগ্রেছ দলে ২০১১ৰ বিধানসভা নির্বাচনত ৭৮খন আসন লাভ কৰি চমক সৃষ্টি কৰিছিল৷ কিন্তু ২০১৬ৰ বিধানসভা নির্বাচনত শোচনীয়ভাৱে পৰাজিত দলটোৱে বিগত ১০ বছৰে ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হৈছে৷ এনে বিপর্যয়ৰ মাজতো দলটোৰ যিকেইজন জনপ্রতিনিধি নির্বাচিত হৈছে সেইসকলৰো একাংশই শাসকীয় দলটোৰ স’তে প্রত্যক্ষ অথবা পৰোক্ষভাৱে ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলিছে৷ নির্বাচনী ৰণত জনাদেশ কোনো ৰাজনৈতিক দলৰ বাবে স্থায়ী নহয়৷ ক্ষমতাৰ পৰিৱর্তন হয় জনাদেশৰ ভিত্তিত৷ ৰাইজৰ আস্থা আৰু বিশ্বাস অবিহনে কোনো ৰাজনৈতিক দলেই দীর্ঘকাল ক্ষমতাত বর্তি থাকিব নোৱাৰে৷ কিন্তু অসমবাসীৰ আস্থা আৰু বিশ্বাস ঘূৰাই অনাৰ বিপৰীতে বিগত এটা দশকত কংগ্রেছ নেতৃত্বই গ্রহণ কৰা ভূমিকাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ আস্থা আৰু বিশ্বাস অবিহনে কংগ্রেছে কোনো কালে ক্ষমতাত অধিষ্ঠিত হোৱা নাছিল, ভৱিষ্যতেও শতিকাপুৰণি দলটোৱে ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ দোহাই দি মাথোঁ বাংলাদেশী মূলৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ একক সমর্থন আদায়ৰ ক্ষেত্রত কংগ্রেছ নেতৃত্বই গ্রহণ কৰা ৰণনীতিয়ে দলটোক কোনো কাৰণতে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণত সহায় নকৰে৷ ৰাজ্যৰ ৰাজনীতিত ধর্মীয় সংখ্যালঘু ৰাজনীতিৰ মেৰু বিভাজন ঘটিছে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ উত্থান সত্ত্বেও বাংলাদেশী মূলৰ মুছলমানসকলৰ একক সমর্থন অবিহনেও কংগ্রেছে ২০০১ৰ পৰা ২০১৬লৈ ক্ষমতাত আছিল৷ এতিয়া এআইইউডিএফৰ শক্তি হ্রাস হোৱাৰ লগে লগে কংগ্রেছে ধর্মীয় সংখ্যালঘু লোকসকলৰ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কংগ্রেছৰ এনে মেৰুকৰণৰ ৰাজনীতিয়ে দলটোক খিলঞ্জীয়া লোকসকলৰ পৰা দিনকদিনে আঁতৰাই লৈ গৈছে৷ সম্প্রতি বিধানসভাত বড়ো, কার্বি, মিচিং, তিৱাকে ধৰি ৰাজ্যখনৰ জনজাতীয় লোকৰ জনপ্রতিনিধি নাই৷ ইয়াৰ বিপৰীতে দলটোৰ যিকেইজন নির্বাচিত বিধায়ক আছে সেইসকলৰ অধিকাংশই বাংলাদেশী মূলৰ ব্যক্তি৷ ৰাজ্যখনত বাংলাদেশী মূলৰ লোকসকলৰ বিৰুদ্ধে খিলঞ্জীয়া লোকসকলৰ সংঘাত দীর্ঘদিনীয়া৷ মাথোঁ বাংলাদেশী মূলৰ লোকসকলক তোষামোদৰ ৰাজনীতিৰে কংগ্রেছে ক্ষমতা দখলৰ অলীক স্বপ্ণ দেখিছে৷

You might also like