নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ দিনত ৫ হাজাৰ কিলোমিটাৰ উৰি অভিলেখ ক্ষুদ্র পক্ষী আপাপাঙৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : ডেউকা কোবাই উত্তৰ–পূব ভাৰতৰ মণিপুৰৰ পৰা সুদূৰ আফ্রিকা মহাদেশৰ এখন দেশ পালেগৈ বাজ প্রজাতিৰ অতি ক্ষুদ্র চৰাইটোৱে৷ এই দূৰত্ব অতিক্রম কৰিলে মাত্র ৫ দিনত৷ এই অসম্ভৱক সম্ভৱ কৰি তুলিলে তিনি প্রজাতিৰ ক্ষুদ্র বাজ চৰায়ে৷

মণিপুৰৰ আপাপাং, আলাং আৰু আহুৰ এনে কীর্তি দেখি স্বাভাৱিকতেই চকু কপালত উঠিছে পক্ষীবিদসকলৰ৷ কেৱল ভাৰততে নহয়, সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে চৰাই তিনিবিধে৷ এই তিনি প্রজাতিৰ বাজ পক্ষীয়ে এনে নজিৰ গঢ়াৰ কথা সামাজিক মাধ্যমত ভাগ–বাটোৱাৰা কৰিছে আইএএছ বিষয়া সুপ্রিয়া চাহুৱে৷

এই সন্দর্ভত তেওঁ লিখিছে যে বৰদিনৰ আলোকসজ্জাই যি সময়ত আনন্দ বিয়পাই দিছে, সেই সময়তে বাজ চৰাই আপাপাং উৰা মাৰিছে জিম্বাব’ৱেৰ হাৰাৰে অভিমুখে৷ যেন আমাক মনত পেলাই দিছে চহৰৰ জীৱন আৰু প্রকৃতি কিমান ওতপ্রোতভাৱে জড়িত৷ মণিপুৰৰ আপাপাং, আলাং আৰু আহু ছেটেলাইট টেগ পৰিহিত তিনিটা বাজ চৰাই৷ ইয়াৰ ভিতৰত আপাপাঙে যোৱা নৱেম্বৰত একেটা উৰণতে ৬টা দিনত ৬,১০০ কিলোমিটাৰ পথ অতিক্রম কৰিছিল৷ ভাৰতৰ পৰা যাত্রা আৰম্ভ কৰি আৰব সাগৰ পাৰ হৈ একেবাৰে সুদূৰ আফ্রিকাৰ কেনিয়া পাইছিলগৈ৷

লক্ষণীয়ভাৱে চৰাইটোৱে মাজত এবাৰো ৰোৱা নাছিল৷ এইপর্যন্ত একেটা উৰণতে ইমান দীর্ঘ দূৰত্ব অতিক্রম কৰাৰ নজিৰ নাছিল৷ এতিয়া চৰাইবিধ উৰিছে জিম্বাব’ৱেৰ আকাশত৷ পিছে আলাং আৰু আহুও পৰি মৰাবিধৰ নহয়৷ বয়সত আটাইতকৈ কনিষ্ঠ আলাঙেও যোৱা মাহত ৫,৬০০ কিলোমিটাৰ পথ উজাই পাইছিলগৈ কেনিয়া৷ মাজত অৱশ্যে জিৰণি লোৱাৰ বাবে দুবাৰ ৰৈছিল তেলেংগানা আৰু মহাৰাষ্ট্রত৷ পিছে আহু একা? মণিপুৰৰ পৰা আৰম্ভ কৰি বাংলাদেশত খন্তেক জিৰণি লোৱাৰ পিছত পুনৰ উৰিবলৈ আৰম্ভ কৰিছিল চৰাইটোৱে৷ তাৰ পিছত অৱশ্যে আৰু ক’তোৱেই জিৰণি লোৱা নাই৷

আৰব সাগৰ পাৰ হৈ প্রায় ৫,১০০ কিলোমিটাৰ পথ উৰি উৰি পাইছিলগৈ ছোমালিয়া৷ বাজ প্রজাতিৰ আটাইতকৈ ক্ষুদ্র প্রজাতি এইবোৰেই৷ প্রতি বছৰে প্রায় ২২ হাজাৰ কিলোমিটাৰ পথ উৰি ছাইবেৰিয়াৰ পৰা দক্ষিণ আফ্রিকালৈ যায় এই পৰিভ্রমী চৰাইৰ দলটো৷ উভতিও আহে একেই পথেৰে৷ তাৰ মাজতে নাগালেণ্ডৰ ওখা, মণিপুৰৰ টামেংলং আৰু অসমৰ ডিমা হাছাও জিলাত জিৰণি লয় দলটোৱে৷ কিন্তু সংৰক্ষণৰ সকলো প্রচেষ্টাৰ পিছতো পৰিভ্রমী চৰাইবিধৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছে৷ সেইবাবেই চলিত দশকতে নাগালেণ্ড আৰু মণিপুৰ বন বিভাগৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে বাজ চৰাইৰ ছেটেলাইট ট্রেকিং৷ চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছে এই চৰাইৰ চিকাৰ৷

You might also like