নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত সম্বৰ্ধিত ডুমডুমাৰ জোনালী শইকীয়া ডেকা

পশ্চিমবংগৰ ইছলামপুৰত অনুষ্ঠিত অতি সন্মানীয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় কবি সমাৰোহত অনুষ্ঠিত দ্বিতীয় সত্ৰত “অমিয়া ৰাণী স্মৃতি সাহিত্য সন্মানে”ৰে সন্মানিত কৰে ডুমডুমাৰ জোনালী শইকীয়া ডেকাক।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা আজাদ ৰোড নিৱাসী প্ৰয়াত তপন ডেকাৰ পত্নী তথা প্ৰতিষ্ঠিত সুকবি, অভিনেত্ৰী, আবৃত্তিকাৰ জোনালী শইকীয়া ডেকাই সম্বৰ্ধনা গ্ৰহণ কৰা এই অনুষ্ঠানত “exploring world through poetry” শীৰ্ষক বিশ্বৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ কবিসকলৰ কবিতা সন্নিৱিষ্ট গ্ৰন্থখনিও উন্মোচন কৰা হয় । উক্ত গ্ৰন্থত ডেকাৰ  ইংৰাজী কবিতা “life itself is a poem” শীৰ্ষক কবিতাটো সন্নিৱিষ্ট হৈছে ।

উল্লেখ্য যে বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত কাব্যগ্ৰন্থ, ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতিসকল, ৰুদ্ৰগিৰীৰ অশ্ৰুপ্ৰপাত, শ্বিলং পিকৰ গধূলি, শ্বেদজলৰ ছন্দ আদি গ্ৰন্থৰ প্ৰণেতা ডেকাই ইতিমধ্যে আবৃত্তিৰ ক্ষেত্ৰখনত এক সুকীয়া স্থানেৰে সুনাম অৰ্জন কৰিছে । ডুমডুমা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰি থকাৰ লগতে অঞ্চলটোৰ বহুকেইটা সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা জোনালী শইকীয়া ডেকাৰ এই সফলতাত ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি দেৱেন ডেকাকে প্ৰমুখ্য কৰি বিভিন্নজনে আন্তৰিক অভিনন্দন আৰু শুভ কামনা জনাইছে ।

নিয়মীয়া বাৰ্তা, ডুমডুমা, ৩০ ডিচেম্বৰ :
You might also like