যোৰহাট আৰক্ষীৰ জালত সদগুৰু ইঞ্জিনীয়াৰিঙৰ বিতৰ্কিত ঠিকাদাৰ মুকেশ জালান
যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ফৰলেনযুক্ত পথ নিৰ্মাণত জড়িত কোম্পানী সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডৰ স্বত্তাধিকাৰ মুকেশ জালানক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে।
বৰ্তমান যোৰহাট জিলাৰ টীয়ক থানাৰ আলহী হৈ আছে অভিযুক্ত মুকেশ জালান। উল্লেখযোগ্য যে এই ঠিকাদাৰী প্ৰতিষ্ঠানে বিগত সময়চোৱাত স্থানীয় বহুসংখ্যক ঠিকাদাৰক কাম কৰাই প্ৰাপ্য ধন দিবলৈ ৰৈ গৈছিল। স্থানীয় ঠিকাদাৰসকলে বহুমাহ অপেক্ষা কৰি পৰৱৰ্তী সময়ত জিলা আয়ুক্ত, NHIDCL কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নূন্যতম পাবলগীয়া ধনৰাশিৰ এক অংশ আদায় দিবলৈ মান্তি হৈছিল যদিও পাছলৈ স্থানীয় ঠিকাদাৰক প্ৰতাৰিত কৰি এটা টকাও আদায় নিদিলে আৰু সকলো যোগাযোগ বিছিন্ন কৰি পাছলৈ ঠিকাদাৰসকলক ভয় ভাবুকি দিবলৈ আৰম্ভ কৰিলে বুলি অভিযোগ তুলিছে স্থানীয় ঠিকাদাৰ, শ্ৰমিকসকলে।
সেয়েহে নিৰুপায় সকলোৱে বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে শৰ্মা উপাধিৰ এজন যোগানকাৰী ঠিকাদাৰে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দিছিল এজাহাৰ। এজাহাৰ প্ৰদানৰ পাছতে পলাতক অৱস্থাত আছিল মুকেশ জালান। শৰ্মা উপাধিৰ ঠিকাদাৰজনে কয়, যে “মোৰ চাৰি কোটি ৩৬ লাখ টকা অনাদায় আছে, কেইবাখনো উৰণ সেতুৰ সম্পূৰ্ণ সামগ্ৰী আমি যোগান ধৰিছিলো, এতিয়া টকা বিচাৰিলে বিষয়টো পৰা ফালৰি কাটি ফোন নধৰে। যাৰ বাবে আমি নিৰূপায় হৈ আৰক্ষী কাষ চাপিবলৈ বাধ্য হলো।
আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ মুকেশ জালানক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি আনি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাত আমাৰ প্ৰাপ্য আদায় পাবলৈ সক্ষম হম বুলি আমি আশা ৰাখিছোঁ। আৰক্ষীয়ে এটা সু তদন্তৰে আমাৰ প্ৰাপ্য পাবলৈ নিশ্চিত হোৱা কৈ তদন্ত প্ৰক্ৰিয়া চলাবলৈ আহ্বান জনাইছো।
ইতিমধ্যে 316(5)/318(4)/351(3)/3(5) BNS ধাৰাত গোচৰ ৰজু কৰি মুকেশ জালানক ইতিমধ্যে টীয়ক আৰক্ষীয়ে সোধাপোচা কৰিছে বুলি জানিব পৰা গৈছে।
ইপিনে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱাৰা বাবে বিগত দুটা মাহে বন্ধ হৈ আছে ফৰলেনযুক্ত পথৰ কাম। বিশেষ সুত্ৰে জানিব পৰা মতে সদগুৰু ইঞ্জিনীয়াৰিং এণ্ড এলাইড চাৰ্ভিছেজ প্ৰাইভেট লিমিটেড কোম্পানীয়ে অসম চৰকাৰৰ বন বিভাগক ফৰেষ্ট ৰয়েলিটি বৃহৎ পৰিমাণৰ ধন বাকী আছে বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সঠিক তদন্তহে প্ৰকৃত তথ্য উদ্ঘাটন হ’ব।
নিয়মীয়া বাৰ্তা কাকজান,৩০ ডিচেম্বৰ