বেয়া ফৰ্মৰ মাজতে ভগৱানৰ আশীৰ্বাদ ল’লে সূৰ্যকুমাৰ যাদৱে
ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বছৰটোৰ সমাপ্তি আধ্যাত্মিক পৰিৱেশত সম্পন্ন কৰে। বেয়া ফৰ্মক লৈ আলোচনা চলি থকা সূৰ্যকুমাৰে মঙলবাৰে বৈকুণ্ঠ একাদশী উপলক্ষে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত প্ৰসিদ্ধ তিৰুমলা ভেংকটেশ্বৰ মন্দিৰ দৰ্শন কৰে। এই বিশেষ মুহূর্তত তেওঁৰ সৈতে পত্নী দেৱীশা শেট্টীও উপস্থিত আছিল। দুয়োৱে মন্দিৰত পূজা-অৰ্চনা কৰি ভগৱান শ্ৰীভেংকটেশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰে।
মন্দিৰ প্ৰশাসনৰ তৰফৰ পৰা সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল। দৰ্শনৰ সময়ত মন্দিৰ প্ৰশাসনে তেওঁলোকক উপহাৰস্বৰূপে ৰেচমী শ্বল প্ৰদান কৰে। সূৰ্যকুমাৰ আৰু দেৱীশাই মন্দিৰত কিছু সময় কটাই শান্তিপূৰ্ণভাৱে পূজা সম্পন্ন কৰে। দৰ্শনৰ পাছত সামাজিক মাধ্যমত তেওঁলোকৰ এটা ভিডিঅ’ প্ৰকাশ পায়, যাৰ জৰিয়তে অনুৰাগীসকলে এই ভ্ৰমণৰ বিষয়ে জানিবলৈ সক্ষম হয়।
মন্দিৰলৈ যোৱাৰ সময়ত সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পত্নী দেৱীশাক পৰম্পৰাগত পোছাকত দেখা যায়। সূৰ্যকুমাৰে গুলপীয়া ৰঙৰ কুৰ্তা পৰিধান কৰিছিল, আনহাতে দেৱীশাক হালধীয়া শাড়ীত দেখা গৈছিল। ভিডিঅ’টোত দেখা যায় যে সূৰ্যকুমাৰ মন্দিৰৰ দিশে আগবাঢ়োঁতে অনুৰাগীসকলে তেওঁক ঘেৰাও কৰে। তথাপিও তেওঁ ধৈৰ্য ধৰি আগবাঢ়ি গৈ অনুৰাগীসকলৰ সৈতে ফটো উঠে। কিছু সময় ৰৈ তেওঁ নিশ্চিত কৰে যাতে কোনো লোক অসুবিধাত নপৰে। তেওঁৰ এই সুন্দৰ আচৰণক অনুৰাগীসকলৰ বহুতেই পছন্দ কৰে।
উল্লেখযোগ্য যে এইটো প্ৰথমবাৰ নহয় যেতিয়া সূৰ্যকুমাৰ তিৰুপতি গৈছে। ইয়াৰ আগতে ২০২৩ চনত তেওঁ তিৰুমলা ভেংকটেশ্বৰ মন্দিৰ দৰ্শন কৰিছিল আৰু সেই সময়ৰ ফটোসমূহ সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছিল।
সূৰ্যকুমাৰ যাদৱৰ বৰ্তমান সময়ছোৱা বৰ বেয়া চলিছে। এছিয়া কাপত আশা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰাৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাতো তেওঁৰ বেটৰ পৰা ৰান অহা নাছিল। আগন্তুক টি-২০ বিশ্বকাপ আৰু অন্যান্য শৃংখলাক লৈও তেওঁৰ ফৰ্ম এতিয়া আলোচনাৰ বিষয় হৈ আছে।
সম্প্ৰতি নিজৰ প্ৰদৰ্শন সন্দৰ্ভত সূৰ্যকুমাৰে কৈছিল যে ৰান আহিলেও তেওঁৰ ফৰ্ম বেয়া নহয়। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু শীঘ্ৰেই অনুৰাগীসকলে তেওঁৰ বেটৰ পৰা এক ডাঙৰ ইনিংছ দেখিবলৈ পাব।
ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ