নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ : ছিনিয়ৰ মহিলা ভলীবল দলত চাৰি খেলুৱৈৰ স্থান লাভ

নৱবৰ্ষ ২০২৬ চনৰ প্ৰাকক্ষণত বজালী জিলালৈ ক্ৰীড়াৰ ক্ষেত্ৰত আহিল এক সুখবৰ৷ উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ছিনিয়ৰ নেচনেল (পুৰুষ-মহিলা) ভলীবল চেম্পিয়নশ্বিপত অংশগ্রহণ কৰাৰ উদ্দেশ্যে অসমৰ পৰা নিৰ্বাচিত মহিলাৰ দলত পাটাছাৰকুছিৰ ওচৰৰ সাওৰাৰ চন্দ্ৰকান্ত ডেকা আৰু অম্বিকা ডেকাৰ কন্যা জুতিষ্মিতাকে ধৰি বজালী জিলাৰ মুগুৰীয়া ভলীবল কোচিং চেন্টাৰৰ পৰা মুঠ চাৰিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰি গৌৰৱান্বিত কৰিছে৷ আন তিনিগৰাকী খেলুৱৈ হ’ল জোনালী বড়ো, সংগীতা দাস আৰু পপীতৰা কলিতা৷

এইখিনিতে উল্লেখ্য যে অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক অভিজিৎ ভট্টাচার্যই ঘোষণা কৰা ১৪ জনীয়া অসম মহিলা ছিনিয়ৰ ভলীবল দলটোত মুগুৰীয়া ভলীবল কোচিং চেন্টাৰত প্ৰশিক্ষণ লৈ থকা চাৰিগৰাকীয়ে স্থান লাভ কৰিছে৷ কোচিং চেন্টাৰটোৰ প্ৰশিক্ষক সুদক্ষ ভলীবল খেলুৱৈ গোপেশ্বৰ কলিতাই বিগত কেইবাবছৰ ধৰি প্ৰশিক্ষণ দি আহিছে৷ গোপেশ তালুকদাৰে সীমিত সা-সুবিধাৰে চলাই থকা প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰায় ১১০গৰাকী খেলুৱৈৰ ভিতৰত ৩০গৰাকী ছোৱালী আছে৷ তেওঁ প্ৰশিক্ষণলৈ অহা-যোৱাৰ বাবে কেইবাগৰাকী ছোৱালীক একোখনকৈ চাইকেল দি সহায় কৰাৰ উপৰি চাৰিগৰাকীক সদায় নিজেই ঘৰৰ পৰা অনা-নিয়া কৰে৷ ২০২০ চনত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত অস্থায়ীভাৱে স্থাপন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত সীমিত সা-সুবিধাৰে গোপেশ্বৰ কলিতাই বহু খেলুৱৈক গঢ় দিছে৷

গোপেশ্বৰ কলিতাই জানিবলৈ দিয়া অনুসৰি, ২০২১ চনত বোকাজনত অনুষ্ঠিত ছাব জুনিয়ৰ প্ৰতিযোগিতাত বজালী দল প্ৰথম হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত প্ৰণালী দাস আৰু পপীতৰা কলিতাই খেলিছিল৷ ২০২৩ চনত ছিনিয়ৰ প্ৰতিযোগিতাত বিজনীত বজালী দলটো প্ৰথম হৈছিল৷ ২০২৪ চনত জুনিয়ৰ প্ৰতিযোগিতাত গোৱালপাৰাতো প্ৰথম হৈছিল৷ খেল মহাৰণতো ১৯ বছৰৰ তলৰ চেম্পিয়ন হৈছিল৷ গুৱাহাটীৰ সৰুসজাইত হোৱা ১৭ বছৰ অনূৰ্ধ্ব আৰু ঊৰ্ধ্ব দুয়োটা প্ৰতিযোগিতাত মহিলা দলটো চেম্পিয়ন হৈছিল৷ এই চেন্টাৰটো সকলো সা-সুবিধাসম্পন্ন এটি আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হৈ উঠিলে অনেক খেলুৱৈ উজলি উঠাৰ সম্ভাৱনা আছে৷

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ৩০ ডিচেম্বৰ : 

You might also like