বুজন পৰিমাণৰ হেৰ’ইনসহ আটক ড্ৰাগছ ব্যৱসায়ী
বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। এইবাৰ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো হৰিপুৰ গাঁৱৰ চৰিফ মিঞাৰ পুত্ৰ ছাহজামাল মিঞা বুলি জানিব পৰা গৈছে।
গোপন খবৰৰ ভিত্তিত মঙ্গলবাৰে নিশা প্ৰায় ৯ মান বজাত বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত পিৰলা চকত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নিৰ্দেশত এটি আৰক্ষীৰ দলে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
অভিযানকালত ছাহজামাল মিঞাৰ পৰা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি এটা চাবোনৰ বাকচৰ লগতে মোবাইল ফোন এটি আৰু বাইক এখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ হৈছে এএচ-১৫ টি-১৯৮০।
ধৃত ছাহজামাল মিঞাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি ছাহজামাল মিঞাই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।
ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ