নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীমা দাসলৈ ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱার্ড

চিনেমাখন ৰীমা দাসৰ বহু প্রশংসিত ‘ভিলেজ ৰকষ্টার্ছ’ৰ ছিকুৱেল, যিখন চিনেমা আছিল ২০১৯ৰ একাডেমী এৱার্ডছ (অস্কাৰ)লৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰী৷ ‘ভিলেজ ৰকষ্টার্ছ–২’ চিনেমাখনৰ অচিৰেই ছবিঘৰত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে

নতুন বছৰৰ আৰম্ভণিৰ প্রাক্ক্ষণত অসমবাসীৰ বাবে আন এটি ভাল খবৰ কঢ়িয়াই আনিছে বিশিষ্ট বোলছবি পৰিচালক ৰীমা দাসে৷ ইতিপূর্বে ‘ভিলেজ ৰকষ্টার্ছ’ ছবিৰ জৰিয়তে শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় ছবিৰ একাডেমী বঁটা আৰু ৰাষ্ট্রীয় চলচ্চিত্র বঁটাকে ধৰি বিভিন্ন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় বঁটাৰে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা চলচ্চিত্র নির্মাতা ৰীমা দাসে পৰিচালক হিচাপে ‘নিউয়র্ক ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱার্ড’ লাভ কৰি আন এক আন্তঃৰাষ্ট্রীয় সন্মান কঢ়িয়াই আনিছে৷

২০২৫ চনত নির্মাণ কৰা ৰীমা দাসৰ শেহতীয়া চিনেমা ‘ভিলেজ ৰকষ্টার্ছ–২’ৰ পৰিচালনাৰ বাবে ৰীমা দাসক নিউয়র্ক পৰিচালকৰ বাবে ‘ৱমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱার্ড’(NYWIFT) প্রদান কৰা হৈছে৷ চলচ্চিত্রলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বর্ষত এই স্বীকৃতি প্রদান কৰা ১১গৰাকী আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতাৰ সৈতে ৰীমা দাসো অন্যতম হিচাপে অন্তর্ভুক্ত হৈছে৷

এই সন্মান লাভ কৰি ৰীমা দাসে কয়, ‘ভিলেজ ৰকষ্টার্ছ–২ৰ বাবে নিউয়র্ক ৱ’মেন হন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এহ সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অর্থৱহ৷ মোৰ বাবে এহ সন্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী কোৱা ভাৰতীয় চিনেমাই যে সীমা অতিক্রম কৰি যাত্রা কৰিব পাৰে তাৰ আন এক নিশ্চিতি৷

মোৰ চিনেমাৰ যাত্রা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সমর্থনে অধিক অন্তর্নিহিত ৰূপৰ বিশ্ব চিনেমা গঢ়াৰ ক্ষেত্রত মোৰ বিশ্বাসক শক্তিশালী কৰিলে৷’ উল্লেখ্য যে নিডয়র্ক ‘ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱার্ড’(NYWIFT) হৈছে আমেৰিকাৰ বিনোদন উদ্যোগৰ আটাহতকৈ সন্মানীয় অবাণিজ্যিক প্রতিষ্ঠানৰ অন্যতম, যি চিনেমা, টেলিভিছন আৰু ডিজিটেল মিডিয়াত কর্মৰত নাৰীসকলক সহায়–সমর্থন, উদগনি দিয়ে৷

NYWIFTৰ মুখ্য কার্যবাহী বিষয়া চিন্থীয়া লোপেজৰ ভাষাত এয়া হৈছে, ‘চিনেমা নির্মাতাই চিনেমা নির্মাতাক কৰা সমর্থন’ আৰু ইয়াৰ জৰিয়তে নাৰীৰ সৃষ্টিশীল কণ্ঠ আৰু কর্ম বর্তাই ৰখাৰ হকে এক বিশ্বব্যাপী পৰিস্থিতিতন্ত্র প্রতিষ্ঠা কৰা৷ এই সন্মান লাভৰ জৰিয়তে ৰীমা দাসে আন্তঃৰাষ্ট্রীয় বঁটাপ্রাপক এদল প্রসিদ্ধ লোকৰ সৈতে স্থান পালে৷

তেওঁলোকৰ ভিতৰত আছে– ছুজানা হার্বার্ট (Natchez), চেৰিয়ান ডাভিচ (All That’s Left of You), সোণালী বসু (A fly on the wall), ৰাছেল ইমাৰাজ (An Unquiet Mind), এলেনা নিউমেন (Looking UP), কাষ্টিন কার্লহিউবাৰ (After All), লিজা কানিংহা (Me Period), জেকী কুইননেজ (Miles Away), ছাৰা খাকী আৰু মহম্মদৰেজা এহনী (Cutting Through Rocks) আৰু ৰাছেল ইজৰাইল (The Floates)৷

স্মর্তব্য যে এই স্বীকৃতিয়ে সাম্প্রতিক ভাৰতীয় ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ আটাইতকৈ শক্তিশালী কণ্ঠ হিচাপে ৰীমা দাসৰ স্থিতিক পুনৰ প্রতীয়মান কৰিলে, যাৰ চিনেমা বাস্তৱৰ সৈতে শিপাৰে জড়িত আৰু ভাৰতৰ উত্তৰ–পূব প্রান্তৰ কাহিনীয়ে বিশ্বব্যাপী দর্শক আৰু প্রতিষ্ঠানৰ আগত উদ্ভাসিত হৈছে৷

উল্লেখ্য যে ‘ভিলেজ ৰকষ্টার্ছ–২’ৰ বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ৱর্ল্ড প্রিমিয়াৰ হৈছিল আৰু তাত সন্মানীয় ‘Kim Jiseok বঁটা’ লাভ কৰিছিল৷ বোলছবিখনৰ ইউৰোপীয় প্রিমিয়াৰ হৈছিল বার্লিনত৷ এই চিনেমাখন ৰীমা দাসৰ বহু প্রশংসিত ‘ভিলেজ ৰকষ্টার্ছ’ৰ ছিকুৱেল, যিখন চিনেমা আছিল ২০১৯ৰ একাডেমী এৱার্ডছ (অস্কাৰ)লৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰী৷ ‘ভিলেজ ৰকষ্টার্ছ–২’ চিনেমাখনৰ অচিৰেই ছবিঘৰত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে৷

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ

You might also like