নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি চাওঁ – গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি

২০২৫ বৰ্ষটো গুৱাহাটীৰ বাবে আছিল এক উল্লেখনীয় বৰ্ষ। কিয়নো এই বৰ্ষটোতে গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি কৰা হয়। যি প্ৰকল্পই গুৱাহাটীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য-

📌২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ২ উদ্বোধন কৰে।

📌২০২৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামত দেশ-বিদেশৰ বহু কোম্পানীয়ে অংশগ্ৰহণ কৰে। ইয়াত অসম চৰকাৰে ২.৭৭ লাখ কোটি টকাৰ ২৯৭খন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰে, যাৰ এক বৃহৎ অংশই গুৱাহাটীৰ উদ্যোগখণ্ডক গতিশীল কৰিছে।

📌দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত খানাপাৰাত ৫০০০ আসনবিশিষ্ট জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ উদ্বোধন।

📌গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। এই উপলক্ষতে গৃহমন্ত্ৰীয়ে নতুন ন্যায় সংহিতাৰ সম্পর্কীয় এক প্ৰদৰ্শনী উন্মোচন কৰাৰ উপৰি ৰাজ্যৰ প্ৰতি জিলাত মোতায়েন কৰিবলগীয়া ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ কৰে।

📌 গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ১০ ডিচেম্বৰত শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি। ঐতিহাসিক অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ পুণ্য স্মৃতিত এই ক্ষেত্ৰ মুকলি কৰা হয়।

📌 ব্ৰহ্মপুত্ৰৰ পাৰত উজানবজাৰত গুৱাহাটী ৰিভাৰফ্ৰণ্ট প্ৰকল্প ৰাইজৰ বাবে মুকলি।

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ

You might also like