নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানৰ GMCH ভৱনত নিৰ্মাণ হ’ব নতুন ছুপাৰ-স্পেচিয়েলিটী হাস্পতাল

ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৰ্তমানৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH) ভৱন ভাঙি তাৰ ঠাইত এখন অত্যাধুনিক ছুপাৰ-স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই কথা আজি নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

তথ্য অনুসৰি, নতুন হাস্পতালখনত উন্নত চিকিৎসা সুবিধা, আধুনিক যন্ত্ৰপাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ ব্যৱস্থা থাকিব। ইয়াৰ ফলত কেৱল গুৱাহাটী নহয়, সমগ্ৰ অসম তথা উত্তৰ-পূবৰ ৰোগীসকলে উচ্চমানৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব।

নতুন ছুপাৰ-স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ সৈতে চিকিৎসা শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতো এক নতুন দিশ উন্মোচিত হ’ব বুলি আশা কৰা হৈছে। চৰকাৰে শীঘ্ৰেই প্ৰকল্পটোৰ কাম-কাজ আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

উল্লেখ্য যে আজি বৃহস্পতিবাৰে (১ জানুৱাৰী) গুৱাহাটীত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ পৰম্পৰাগত নৱবৰ্ষৰ সংবাদ মেল ‘নতুন দিনৰ আলাপ’ত জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে অসমৰ জনসাধাৰণক সম্বোধন কৰি বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like