নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শীত লহৰ

দেশত প্রচণ্ড শীতৰ লহৰ৷ বিশেষকৈ উত্তৰ আৰু দক্ষিণ–পশ্চিম ভাৰতত ঠেঁটুৱৈ লগা জাৰত জনজীৱন স্তব্ধ হৈ পৰিছে৷ ইতিমধ্যে প্রচণ্ড শীতৰ প্রকোপ সহিব নোৱাৰি বহু লোক মৃত্যুমুখত পৰিছে৷ অতি দৰিদ্র আৰু খাটিখোৱা শ্রমিকৰ জীৱন দুর্বিষহ হৈ পৰিছে৷ শীত নিবাৰণৰ বাবে উপযুক্ত বাসস্থান আৰু প্রয়োজনীয় গৰম কাপোৰৰ অভাৱত পেঁপুৱা লাগিছে নিঃস্বজন৷ অৱশ্যে বতৰৰ চৰম প্রভাৱৰ পৰা ধনী–দুখীয়া কাৰোৱেই নিস্তাৰ নাই৷ প্রচণ্ড শীত, উৎকট গৰম অথবা বাৰিষা কোনো ঋতুতেই প্রকৃতিৰ আচৰণ স্বাভাৱিক হৈ থকা নাই৷ চুবুৰীয়া বংলাদেশত সম্প্রতি ২.৬ ডিগ্রী চেলচিয়াছ তাপমাত্রা অস্বাভাৱিক, যি ৫০ বছৰৰ ভিতৰত সর্বনিম্ন৷ ইয়াৰ কাৰণৰূপে চিহ্ণিত হৈছে ছাইবেৰিয়াৰ পৰা বোৱা হিমশীতল বতাহ৷ বায়ুমণ্ডলৰ ট্রোপোস্ফিয়েৰৰ পশ্চিমৰ পৰা পূবলৈ ঘণ্টাত ১০০ কিলোমিটাৰ বা তাতকৈ অধিক বেগেৰে বলা জেট বতাহ ৪০–৫০ হাজাৰ ফুটৰ পৰা হঠাৎ নামি আহিছে ৩০–৩৫ হাজাৰ ফুটলৈ৷ বর্তমান বিপৰীত ঘূর্ণাৱর্ত নামৰ শীতল বায়ুপ্রৱাহ বৈ থকা বুলি বতৰ বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ ফলত, অধিক কঠোৰ শীতপ্রৱাহৰ আশংকা কৰা হৈছে৷

উল্লেখনীয় যে শীতপ্রৱাহৰ কবলত পৰা ৰাজ্যকেইখনত পৰিবহণ আৰু যাতায়াত ব্যৱস্থাত বিৰূপ প্রভাৱ পৰিছে৷ ৰে’লপথ আৰু ৰাষ্ট্রীয় ঘাইপথৰ লগতে বিশেষকৈ আকাশী পথৰ পৰিবহণ ব্যৱস্থা ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰে৷ কম দৃশ্যসাধ্যতাৰ বাবে ৰাজপথত চলাচল কৰা গাড়ী–মটৰৰ গতিবেগ মন্থৰ হোৱাৰ উপৰি যিকোনো মুহূর্তত দুর্ঘটনাৰ আশংকা পৰিলক্ষিত হয়৷ ইয়াৰ বাবে ফগ লাইট ব্যৱহাৰ কৰাৰ লগতে যথাসম্ভৱ সাৱধানতাৰে গাড়ী চলোৱা বাঞ্ছনীয়৷ বিমান পৰিবহণ সংস্থা আৰু ৰে’ল বিভাগৰ শেহতীয়া তথ্য আহৰণ কৰি সেইমতে ভ্রমণৰ পৰিকল্পনা কৰা উচিত৷ বিশ্বৰ প্রেক্ষাপটত বিচাৰ কৰিলে এই কথা পৰিলক্ষিত হয় যে উত্তৰ গোলার্ধত প্রচণ্ড শীতপ্রৱাহে জোকাৰিছে৷ উত্তৰ ভাৰতৰ সমতল অঞ্চলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ মধ্য– পশ্চিমাঞ্চলৰ মহানগৰকেইখনৰ লগতে ইউৰোপৰ নগৰাঞ্চল ঠেঁটুৱৈ লগা শীতৰ কবলত পৰিছে৷ ঘন কুঁৱলী আৰু তুষাৰপাতৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে৷ জলবায়ু পৰিৱর্তনৰ প্রভাৱত অস্বাভাৱিক শীতে স্বাভাৱিক আৰু দৈনন্দিন জীৱন যাত্রাত ব্যাঘাত জন্মাইছে৷

বতৰ বিশেষজ্ঞসকলৰ মতে, এই শীতপ্রৱাহ জানুৱাৰীৰ প্রথম ভাগৰ পৰা মাজভাগলৈ অব্যাহত থাকিব৷ ভাৰতত নৱবর্ষৰ প্রথম দিনটোতে ঘন কুঁৱলীয়ে ঢাকি ধৰা ৰাজ্যকেইখন হ’ল পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আৰু দিল্লী৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমালয় অঞ্চলত অধিক শীত, পাতলীয়া বৰষুণ আৰু তুষাৰপাতৰ আগজাননী দিছে৷ ফলত, সমগ্র উত্তৰ ভাৰত প্রচণ্ড শীতপ্রৱাহৰ কবলত পৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনতো ইয়াৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ অসমত প্রচণ্ড শীতৰ বাবে শিক্ষা বিভাগে বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে বহু ঠাইত পাঠদান আৰম্ভ হোৱাৰ সময় পিছুৱাই দিছে৷ গুৱাহাটী মহানগৰীত স্বাভাৱিকতকৈ তাপমাত্রা অধিক হ্রাস হোৱাৰ বাবে কণ কণ ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ বাবে ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ এসপ্তাহ বিদ্যালয়সমূহ বন্ধ ৰখাৰ নির্দেশ জাৰি কৰিছে৷ ন্যূনতম ১১–১৫ ডিগ্রীৰ ভিতৰত থকাৰ লগতে সর্বাধিক তাপমাত্রা দিনৰ ভাগত ১৮–২০ ডিগ্রীৰ ভিতৰত আছে৷ স্বাভাৱিক তাপমাত্রাতকৈ তলত থকা বাবে অধিক শীত অনুভূত হৈছে৷ লখিমপুৰ, তেজপুৰ, শিৱসাগৰ, ডিব্রুগড়, শিলচৰ আদি চহৰত ন্যূনতম তাপমাত্রা ১০–১১ ডিগ্রী যি স্বাভাৱিক নহয়৷ অসম আৰু পার্শ্বৱর্তী মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্রিপুৰাক ২ আৰু ৩ জানুৱাৰীত ঘন কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে৷ ২০২৫ বর্ষত জুলাইৰ প্রচণ্ড গৰমৰ পাছত বর্তমান অস্বাভাৱিক শীতে জলবায়ু পৰিৱর্তনৰ সংকেত দিছে৷

পুহ মাহৰ মধ্যভাগত হাড় কঁপোৱা শীতত সর্বসাধাৰণৰ লগতে পোহনীয়া আৰু অসহায় পশু–পক্ষীয়েও ঠেৰেঙা লাগিছে৷ অতি দৰিদ্র–গৃহহাৰা আৰু খাটিখোৱা শ্রমিকসকলে প্রয়েজনীয় শীতৰ বস্ত্রৰ অভাৱত বাৰুকৈয়ে কষ্ট ভোগ কৰিবলগীয়া হৈছে৷ জুই পুঁৱাই শীত নিবাৰণৰ চেষ্টা কৰিছে৷ আঢ্যৱন্ত তথা সামর্থ্যৱানসকলে জাকজমক শীতবস্ত্র পৰিধান কৰি বনভোজলৈ গৈ শীতৰ আমেজ উপভোগ কৰাৰ বিপৰীতে নিঃস্বজনৰ বাবে শীতকাল হৈ পৰে বিড়ম্বনাস্বৰূপ৷

শীতৰ কঠোৰতাই স্পর্শ কৰিলে প্রকৃতিও বিবর্ণ হৈ পৰে৷ নদ–নদীৰ বুকু শুকাই যোৱাৰ লগতে গছ–গছনিৰ পাত সৰি লঠঙা হোৱাত চৌপাশে শুষ্কতা বিৰাজ কৰিছে৷ এই নিস্তেজ পৰিৱেশৰ মাজতে কিছুসংখ্যক হৃদয়ৱান ব্যক্তিয়ে মানৱতাৰ উমেৰে জগতখন উমাল কৰি তোলে৷ শীতকালত তেওঁলোকে গৃহহীন, নিঃসহায় মানুহক বিচাৰি ফুৰি বাটে–পথে ঘূৰি ফুৰা লোকলৈ আগবঢ়াই দিয়ে সহায়ৰ হাত৷ নিঃস্ব লোকক প্রদান কৰে গৰম কাপোৰ৷ দানশীল ব্যক্তিৰ লগতে দৰদী আৰু মানৱতাবাদী স্বেচ্ছাসেৱী সংস্থাই শীতবস্ত্র বিতৰণেৰে দৰিদ্রজনৰ মুখত হাঁহি বিৰিঙাই তোলে৷ যিয়েই নহওক, বতৰৰ সৈতে খাপ খুৱাই আমি জীৱন যাত্রা আগঢ়াই নিবই লাগিব– ইয়াৰ গত্যন্তৰ নাই৷ স্বাস্থ্যজনিত প্রত্যাহ্বানসমূহ নেওচি জীৱনৰ উমেৰে আমাৰ জীৱনশৈলী আগুৱাই নিয়াটোৱেই হ’ব সাম্প্রতিক সময়ৰ আহ্বান৷

You might also like