নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় হাজাৰেত দেখা যাব আন তিনি তাৰকাক

নতুন বছৰত গুৰুত্ব বাঢ়িছে ভাৰতৰ ঘৰুৱা ক্রিকেটৰ৷ টীম ইণ্ডিয়াৰ দুই জ্যেষ্ঠ তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ পিছত চলিত বিজয় হাজাৰে ট্রফীত এইবাৰ দেখা যাব আন তিনিগৰাকী তাৰকা ক্রিকেটাৰক৷

সকলো ঠিকে থাকিলে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গিলৰ লগতে তাৰকা বেটাৰ লোকেশ ৰাহুল আৰু তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাক বিজয় হাজাৰে ট্রফীৰ পৰৱর্তী ৰাউণ্ডত দেখা যাব৷

৩ আৰু ৬ জানুৱাৰীত পঞ্জাবৰ হৈ বিজয় হাজাৰে ট্রফীত খেলাৰ পূর্ণ সম্ভাৱনা আছে গিলে৷ আনহাতে, ৩ আৰু ৬ জানুৱাৰীত ত্রিপুৰা আৰু ৰাজস্থানৰ বিপক্ষে খেলিবলগীয়া মেচ দুখনত কর্নাটকৰ হৈ খেলিব ৰাহুলে৷

৬ আৰু ৮ জানুৱাৰীত ছার্ভিচেছ আৰু গুজৰাটৰ বিপক্ষে সৌৰাষ্ট্রৰ হৈ খেলিব ৰবীন্দ্র জাদেজাই৷ মন কৰিবলগীয়া যে কোহলি আৰু ৰোহিতেও চলিত বিজয় হাজাৰেৰ দ্বিতীয় ৰাউণ্ডৰ মেচত অংশগ্রহণ কৰিব৷

ডিজিটেল ডেস্ক, ২ জানুৱাৰী

You might also like