ঢকুৱাখনাৰ সৰিয়হ খেতিয়ে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ কঢ়িয়াইছে আশাৰ বতৰা
কৃষিপ্ৰধান অঞ্চল ঢকুৱাখনা। প্ৰকৃতিয়ে সকলো ঢালি দিছে ঢকুৱাখনাক। প্ৰকৃতিৰ ৰম্যভূমি ঢকুৱাখনাৰ নৈৰ পাৰত লহপহকৈ বাঢ়িছে কৃষকৰ সপোন। শ-শ বিঘা সৰিয়হ খেতিয়ে আশাৰ বতৰা আনিছে কৃষকলৈ। ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তৰ পথাৰসমূহত সৰিয়হৰ খেতিৰ হালধীয়া ফুলে সৃষ্টি কৰা নান্দনিক দৃশ্যই সকলোকে মুগ্ধ কৰিছে।
বছৰ বছৰ ঢকুৱাখনাৰ শ শ কৃষকে সৰিয়হৰ খেতিত আত্মনিয়োগ কৰি ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি অহাৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আহিছে। সম-জিলাখনৰ তিনিটাকৈ কৃষি চক্ৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোণাৰি চাপৰিত পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক কৃষকে এইবেলি সৰিয়হ খেতি কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈৰ মাজৰ বিস্তীৰ্ণ পলসুৱা ভূমিখণ্ডত লহপহকৈ বাঢ়ি অহা সৰিয়হ খেতি দৰাই মন প্রান হৰিছে এতিয়া কৃষকৰ।হালধীয়া সৰিয়হ খেতি দৰাৰ মাজত শ শ কৃষকে দেখিছে অনাগত দিনৰ সমৃদ্ধিৰ সপোন।
চকুৰে মণিব নোৱৰালৈকে কেৱল মাত্ৰ হালধীয়া আৰু হালধীয়া। যেন বসুন্ধৰাৰ ওপৰেদি উৰিছে এখন হালধীয়া চাদৰ। বৰ্তমান বনভোজৰ বতৰত এই সৰিয়হ ফুলীয়া পথাৰবোৰে বনভোজৰ দলসমূহক আকৃষ্ট কৰিছে। কৃষি বিভাগৰ পৰিসংখ্যা মতে,অসমৰ ভিতৰত ঢকুৱাখনা সম -জিলাতেই সৰিয়হ উৎপাদনৰ হাৰ সৰ্বাধিক বুলি পৰিগণিত হৈছে।
বিভাগীয় সূত্র মতে,অসমত প্ৰায় ২.৮৬ লাখ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰা হয় যদিও গড় উৎপাদন অতি কম হৈ আছে, প্ৰতি হেক্টৰত মাত্ৰ ৬৪৩ কিলোগ্ৰাম। মুঠ উৎপাদন ১.৮৪ লাখ উৎপাদন যদিও এই উৎপাদনে অসমৰে চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত অসমৰ বাহিৰৰ পৰা বুজন পৰিমাণৰ সৰিয়হ আমদানি কৰিবলগীয়া হয়।কিন্তু এনে সময়তে ঢকুৱাখনাৰ সৰিয়হ খেতিয়ে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।
ঢকুৱাখনা সম-জিলা কৃষি বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ঢকুৱাখনা সমজিলাত এইবাৰ ১৮,৯৭০ হেক্টৰ ভূমিত কৃষকে কৰিছে সৰিয়হৰ খেতি। বিগত বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১৬,৫৬০ হেক্টৰ।অৰ্থাৎ বিগত বৰ্ষতকৈ এইবৰ্ষত তুলনামূলকভাৱে সৰিয়হৰ খেতিৰ পৰিমাণ ২,৪১০ হেক্টৰলৈ বৃদ্ধি পালে ঢকুৱাখনাত। চলিত বৰ্ষত ঢকুৱাখনা কৃষি চক্ৰৰ অধীনৰ ১০,০৫০ হেক্টৰ ভূমিত সৰিয়হৰ খেতিৰ বিপৰীতে ঘিলামৰা কৃষি চক্ৰৰ ৪,৮৫০ হেক্টৰ আৰু সোণাৰি চাপৰিত ৪,০৭০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি কৰিছে কৃষকে।
বিগত বৰ্ষতকৈ এইবাৰ সৰিয়হৰ খেতি ভাল হোৱাত যথেষ্ট সুখী হৈ পৰিছে খেতিয়কসকল।একেদৰে সময়মতে সঠিকভাৱে সৰিয়হৰ খেতি কৃষক সকলে ছপাবলৈ সক্ষম হ’লে বিগত বৰ্ষতকৈ উৎপাদনো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত এগৰাকী খেতিয়কে কয়, “এইবাৰ আমি আনন্দিত কাৰণ এইবাৰ সৰিয়হ খেতি বৰ ভাল হৈছে।
আমি ভাবিছো যে আমি এইবাৰ সৰিয়হ খেতিত আমি লাভৱান হ’ম। “আনহাতে, খৰচ অনুযায়ী বজাৰত পূৰ্বতকৈ সৰিয়হৰ চাহিদা কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি সদৰী কৰে খেতিয়কসকলে।কৃষিজীৱি ৰাইজলৈ এতিয়া সৰিহয়ৰ খেতিয়ে বোৱাই আনিছে আশাৰ ঢল। চৰকাৰ আৰু সংশ্লিষ্ট মহলে খেতিয়কসকলক উপযুক্ত সা-সুবিধা প্ৰদান কৰিলে সৰিয়হৰ খেতিয়ে আগন্তুক দিনত কৃষিজীৱী ৰাইজক অৰ্থনৈতিকভাৱে সমৃদ্ধ হোৱাত সহায় কৰাৰ সম্ভাৱনা আছে।
পুলকজ্যোতি বৰা, ঢকুৱাখনা, ২ জানুৱাৰী