নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ক’ভিড-১৯ত আক্ৰান্তক বিচাৰি যোৱাৰ বাবেই চিকিৎসক -স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰা এনে ঘটনাই দেশব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ক’ভিড-১৯ ত আক্ৰান্তক বিচাৰি যোৱা চিকিৎসক তথা স্বাস্থ্যকৰ্মীক টাটাপট্টি বখালৰ উদণ্ড লোকে শিল নিক্ষেপ কৰাৰ লগতে প্ৰহাৰ কৰে । পৰিস্থিতি এনে ৰূপ পায় যে স্বাস্থ্যকৰ্মীক আক্ৰমণেৰে শিল দলিয়াই দলিয়াই বহু দূৰলৈ খেদি পঠিয়ায় । কেমেৰাৰ সন্মুখতে চিকিৎসক-স্বাস্থ্যকৰ্মীক উদণ্ড লোকে প্ৰহাৰ কৰাত দুগৰাকী মহিলা চিকিৎসক আহত হয় । শতাধিক লোকে শি নিক্ষেপ কৰাৰ লগতে লাঠীৰে প্ৰহাৰ কৰা এক মিনিটৰ ভিডিঅ’ ফুটেজ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি হৈছে ।
মধ্যপ্ৰদেশৰ ৭৬ শতাংশ ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা উক্ত অঞ্চলটোত পোৱা গৈছে । সেইমৰ্মে পুনৰ কেইবাজনো লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ সন্দেহ হোৱাত স্বাস্থ্যকৰ্মীসকলে প্ৰাথমিক পৰীক্ষাৰ বাবে অঞ্চলটোলৈ গৈছিল । কিন্তু একাংশ লোকে পৰিকল্পিতভাৱে স্বাস্থ্যকৰ্মীসকলক আক্ৰমণ কৰে । এই ঘটনাত জড়িত চাৰিজন লোকৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰজু কৰিছে । মন কৰিবলগীয়া যে আক্ৰমণৰ ঘটনা সংঘটিত অঞ্চলটোত ইতিমধ্যে দুজন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ৫৪ টা পৰিয়ালক আইছুলেচনত ৰখা হৈছে আৰু অঞ্চলটোৰ লোকক কঠোৰ নিৰীক্ষণত ৰখা হৈছে । এনে পৰিপ্ৰেক্ষিততেই ক’ভিড-১৯ আক্ৰান্তক বিচাৰি যোৱা চিকিৎসক-স্বাস্থ্যকৰ্মীক অঞ্চলটোৰ একাংশ ক্ষুব্ধ লোকে আক্ৰমণ কৰা বুলি আৰক্ষী প্ৰকাশ কৰিছে । স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটন তেলেংগানাৰ হায়দৰাবাদতো সংঘটিত হৈছে ।