নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেনিজুৱেলাত আমেৰিকাই কিয় কৰিলে ভয়ংকৰ এয়াৰ ষ্ট্রাইক…

নিউজ ডেস্ক, ৪ জানুৱাৰী : বিগত কিছুমাহ ধৰি অব্যাহত থকা সংঘাত–উত্তেজনা অৱশেষত পর্যবসিত হ’ল আক্রমণলৈ৷ কালি পুৱতিনিশা আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত চলায় ভয়ংকৰ এয়াৰ ষ্ট্রাইক৷ স্থানীয় সময় মতে পুৱা সূর্যোদয়ৰ পূর্বে ২ বজাত মার্কিন স্পেচিয়েল ফ’র্চে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছকে ধৰি ভিন্ন প্রান্তত আকাশমার্গেৰে বোমা নিক্ষেপ কৰে৷ মাত্র কেইটামান মুহূর্তৰ ভিতৰতে সাতটাকৈ বিস্ফোৰণত কঁপি উঠে ৰাজধানী কাৰাকাছ৷ ইয়াৰ সমান্তৰালকৈ মার্কিন স্পেচিয়েল ফ’র্চে মিৰাণ্ডা, আৰাগুৱা আৰু লাগুৱাৰা প্রদেশৰ কেতবোৰ স্থানতো বোমা বিস্ফোৰণ সংঘটিত কৰে৷ আকস্মিক আক্রমণক লৈ ভেনিজুৱেলাত তীব্র আতংকৰ সৃষ্টি হোৱাৰ সময়তে মার্কিন স্পেচিয়েল ফ’র্চে পত্নীসহ বন্দী কৰি নিয়ে ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক৷ এই কথা নিশ্চিত কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

লক্ষণীয়ভাৱে প্রথমাৱস্থাত আক্রমণৰ আঁৰত কোন দেশ বা শক্তি জড়িত আছে সেয়া স্পষ্ট হোৱা নাছিল৷ সম্ভাব্য মার্কিন আক্রমণক লৈ সর্বত্র চর্চিত হোৱাৰ মাজতে আজি দিনৰ ভাগত সামাজিক মাধ্যমত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এটা পোষ্ট দিয়ে৷ য’ত তেওঁ লিখিছে– ‘ভেনিজুৱেলা আৰু দেশখনৰ নেতা ৰাষ্ট্রপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে আমেৰিকাই চলোৱা এক বৃহৎ অভিযান সফল হৈছে৷ ৰাষ্ট্রপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশান্তৰিত কৰা হৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এই ভাষ্যৰ কোনোধৰণৰ প্রতিক্রিয়া বর্তমান পর্যন্ত প্রকাশ নকৰিলেও সামৰিক পদক্ষেপক তীব্র নিন্দা কৰিছে ভেনিজুৱেলাই৷ মার্কিন আগ্রাসনক ঘৃণনীয় উদাহৰণ আখ্যা দি ভেনিজুৱেলা চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে আমাৰ দেশৰ তৈলভাণ্ডাৰ আৰু খনিজ সম্পদ কুক্ষিগত কৰাৰ বাবেই আমেৰিকাই এনেধৰণৰ কার্যত লিপ্ত হৈছে৷ ড’নাল্ড ট্রাম্প প্রশাসনৰ এনে চেষ্টা কেতিয়াও সফল নহয়৷ এইক্ষেত্রত ইৰান আৰু কিউবাৰ দৰে দেশে ভেনিজুৱেলাৰ পক্ষত থিয় দিছে৷ দুয়োখন দেশে মার্কিন আক্রমণক তীব্র গৰিহণা দিয়ে৷

মন কৰিবলগীয়া যে ভেনিজুৱেলাৰ বিৰুদ্ধে চলোৱা এয়াৰ ষ্ট্রাইকৰ বিৰুদ্ধে নিজৰ ঘনিষ্ঠ কেইজনমান বিষয়াক বাদ দি আন কাকোৱেই জনোৱা নাছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আনকি আমেৰিকাৰ উচ্চ সদন ছিনেটৰ আর্ম ছার্ভিচেছ কমিটীকো এইক্ষেত্রত অন্ধকাৰত ৰখা হৈছিল৷ সম্প্রতি তীব্র আতংকই ছানি ধৰা ভেনিজুৱেলাত জৰুৰী অৱস্থা জাৰি কৰা হৈছে৷ আমেৰিকা, দক্ষিণ কোৰিয়া, ব্রিটেইন আদি কেইবাখনো দেশে নিৰাপদ স্থানত অৱস্থান কৰিবলৈ পৰামর্শ আগবঢ়াইছে ভেনিজুৱেলাত থকা তেওঁলোকৰ নাগৰিকসকলক৷ সেইদৰে আক্রমণকাৰী আমেৰিকাৰ বিমান পৰিবহণ সংস্থা ফেডাৰেল এভিয়েচন এডমিনিষ্ট্রেচেন আপাততঃ ভেনিজুৱেলাৰ আকাশ সীমাত বাণিজ্যিক উৰণ বন্ধ ৰাখিছে৷

ইফালে, ভেনিজুৱেলাৰ ওপৰত মার্কিন স্পেচিয়েল ফ’ৰ্চৰ এই আক্রমণৰ লগে লগে কার্যতঃ লেটিন আমেৰিকাত বাজি উঠিছে যুদ্ধৰ দামামা৷ অনাগত সময়ত ই ৰাছিয়া–মধ্যপ্রাচ্য সদৃশ পৰিস্থিতিৰ ৰূপ ল’ব নেকি তাক লৈও আশংকা ঘনীভূত হৈ পৰিছে৷ ইয়াৰ মাজতে প্রশ্ণ উঠিছে কি কাৰণত হোৱাইট হাউছৰ ৰোষত পৰিল দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলা? এই সন্দর্ভত পর্যালোচনা কৰিব লাগিলে যোৱা কেইটামান মাহত দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা সংঘাত–উত্তেজনাৰ প্রসংগ উনুকিয়াব লাগিব৷ ভেনিজুৱেলাৰ বিৰুদ্ধে মাদকদ্রব্য সৰবৰাহৰ অভিযোগ তুলি সৰৱ হৈ পৰিছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ অকল অভিযোগ উত্থাপন কৰাই নহয়, কেৰিবিয়ান অঞ্চলত ব্যাপক হাৰত আমেৰিকাই সেনা মোতায়েন কৰিছে৷ সমান্তৰালভাৱে মাদকদ্রব্য সৰবৰাহত ব্যৱহাৰ হোৱাৰ সন্দেহ কৰি ভেনিজুৱেলাৰ নাওবোৰক লক্ষ্য কৰি লৈছিল মার্কিন বাহিনীয়ে৷ সংঘাতে এনেকুৱা পর্যায় পায়গৈ যে যোৱা মাহত ভেনিজুৱেলা আৰু তাৰ আশে–পাশে থকা অঞ্চলৰ আকাশ সীমা বন্ধ কৰিবলৈ নির্দেশ দিয়ে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ লগতে ভেনিজুৱেলাৰ তেল পৰিবাহী টেংকাৰসমূহ চলাচলত সম্পূর্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হয়৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ২০২৪ চনত ভেনিজুৱেলাৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱা নিকোলাছ মাদুৰোক আমেৰিকাই আজিলৈকে স্বীকৃতি দিয়া নাই৷ এই সন্দর্ভত ট্রাম্পে ইতিপূর্বে আগবঢ়োৱা ভাষ্য এনেধৰণৰ– ভেনিজুৱেলাৰ জনগণ দুর্দশাগ্রস্ত৷ তাত গণতন্ত্রক পুনৰ উদ্ধাৰ কৰিবই লাগিব৷ আপাতদৃষ্টিত গণতন্ত্র আৰু মাদকদ্রব্যৰ বিৰুদ্ধে ইয়াক যুদ্ধ বুলি আমেৰিকাই দাবী কৰিলেও ইয়াৰ আঁৰত বিৰাট ৰাজনৈতিক কৌশল–তৈলভাণ্ডাৰ–খনিজ সম্পদৰ ওপৰত আগ্রাসন চলোৱাৰ গভীৰ ষড়যন্ত্র থকাৰ সন্দেহ ব্যক্ত কৰিছে বিশেষজ্ঞ মহলে৷

উল্লেখ্য যে বিশ্বৰ বৃহত্তম তৈলভাণ্ডাৰ–খনিজ সম্পদৰ গৰাকী হ’ল ভেনিজুৱেলা৷ দক্ষিণ আমেৰিকাৰ দেশখনত প্রতিদিনে প্রায় ১০ লাখ বেৰেল তেল উৎপাদন হয়৷ ব্যাপক নিষেধাজ্ঞাৰ পিছতো তেল উৎপাদন দেশখনত চমকপ্রদ৷ ভেনিজুৱেলাৰ ভূ–গর্ভত মজুত আছে তিনি বিলিয়ন বেৰেল তেল৷ যি ছৌদি আৰবতকৈও যথেষ্ট বেছি৷ এনে অৱস্থাত স্বাভাৱিকভাৱে হোৱাইট হাউছৰ লোভাতুৰ নজৰ আছে ভেনিজুৱেলাৰ ওপৰত৷ ৰাছিয়া–মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিস্থিতিত আমেৰিকাই নিজৰ ইন্ধনৰ নিৰাপত্তা নিশ্চিত কৰাৰ হকে ভেনিজুৱেলাত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰে৷ কিন্তু ভেনিজুৱেলাৰ ৰাষ্ট্রপতি বাঁওপন্থী নেতা নিকোলাছ মাদুৰো আমেৰিকাৰ ওচৰত সেও মনাবিধৰ নহয়৷ ক্ষমতা দখল কৰাৰ পিছতে চীন আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে৷ যি কার্যত আমেৰিকা ক্ষুব্ধ৷ এই প্রসংগত ভেনিজুৱেলা চৰকাৰৰ তৰফৰ পৰা এক তাৎপর্যপূর্ণ ভাষ্য দাঙি ধৰা হৈছে৷

কোৱা হৈছে যে যদি মাদকদ্রব্য সৰবৰাহ বন্ধ কৰাৰ এই লক্ষ্য, তেন্তে তেলৰ টেংকাৰসমূহক কিয় টার্গেট কৰি লৈছে আমেৰিকাই? ইয়াৰ এটাই উদ্দেশ্য– ভেনিজুৱেলাৰ আয়ৰ সকলো পথ বন্ধ কৰি আর্থিকভাৱে দেশখনক আমেৰিকাৰ নিজৰ অধীনলৈ অনা আৰু তাত মার্কিন আনুগত্যশীল চৰকাৰ গঠন কৰা৷ এনে অৱস্থাত আক্রমণৰ পিছত আমেৰিকাৰ ক্ষেত্রত ভেনিজুৱেলাই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like