উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য প্ৰাকৃতিক ক্ষেত্ৰ তথা ৯খনকৈ বিলৰ ভিতৰত ঐতিহাসিক চানডুবি বিলখন অন্যতম ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত এই বিলখন ৷ ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা মনোৰম বিলখন অনুপম জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ উপৰি অঞ্চলটোৰ থলগিৰি লোকসকলৰ বিচিত্ৰ জীৱনশৈলীৰ লগতে নৃগোষ্ঠীয় কলাকৃষ্টিৰ সমাহাৰ ঘটাই এক উল্লেখনীয় পৰ্যটনৰ বাট মুকলি কৰাৰ প্ৰয়াসেৰে চানডুবি উৎসৱ উদযাপন সমিতিয়ে এক বিশাল আয়োজন কৰি আহিছে ৷
এইবেলি ২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে উক্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷ ষষ্ঠদশ বাৰ্ষিক মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পহিলা জানুৱাৰীৰ পুৱা চানডুবিৰ সেউজ বাকৰিত আনুষ্ঠানিকভাৱে উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় মহোৎসৱৰ ৷ তদুপৰি অতিথিশালা ’ডগৰবুৰা’ৰ দ্বাৰ মুকলি কৰে বন প্ৰাধিকাৰী বিষয়া সুবোধ তালুকদাৰে ৷ প্ৰদৰ্শনস্থলী ’লাঙাবুৰা’ৰ দ্বাৰ মুকলিৰ উপৰি “চান্দ সদাগৰ’ সোঁৱৰণী মঞ্চ অভিনেত্ৰী আশা বৰদলৈয়ে উদ্বোধন কৰে ৷ আনহাতে, উৎসৱথলীৰ ’চানডুবি ডেৰা’ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুকলি কৰে ৷
তদুপৰি উক্ত উৎসৱৰ স’তে সংগতি ৰাখি খনিন্দ্ৰ বৰ্ণিল ৰাভাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ’লকেয়া’ উন্মোচন কৰে বিজেপি নেতা অনুপ কুমাৰ মেধিয়ে ৷ আনহাতে, কিশোৰ কুমাৰ কলিতা, জিতুমণি নাথৰ গ্ৰন্থ উন্মোচন কৰা হয় । মহোৎসৱৰ কাৰ্যসূচীত গ্ৰীন অস্কাৰ বঁটাপ্ৰাপক বিশিষ্ট জীৱ বিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনৰ উপৰি আঞ্চলিক পঞ্চায়তৰ সদস্য তথা আদি সাথী বঁটাপ্ৰাপক জিতুল ৰাভাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ মহোৎসৱৰ কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
তদুপৰি উৎসৱৰ কাৰ্যসূচীত লেৱাটনাকে ধৰি বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰা হয় ৷ প্ৰত্যেক দিনৰ কাৰ্যসূচীত বিশিষ্ট ব্যক্তি তথা হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী দৰ্শনাৰ্থীৰ উপস্থিতিত মহোৎসৱথলীত ঝুমুৰ, ৰাভা, বড়ো, মিচিং, বিহুনাচ, তিৱানৃত্যকে ধৰি নৃগোষ্ঠীয় লোকনৃত্যৰ তালত প্ৰাণস্পৰ্শী হৈ উঠা প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা বিলাই শিবিৰ সামৰণি কাৰ্যসূচী ৰূপায়ণৰে সমূহীয়া আনন্দ-উল্লাসৰ মাজেৰে আজি ষষ্ঠদশ বাৰ্ষিক মহোৎসৱৰ সামৰণি পেলায় আয়োজকসকলে ৷
নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ৫ জানুৱাৰী :