নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত আইপিএলৰ সম্প্রচাৰ নিষিদ্ধ, মুস্তাফিজুৰ ৰহমান বিতর্কৰ পিছত ঢাকাৰ কঠোৰ সিদ্ধান্ত

নিউজ ডেস্ক, ৬ জানুৱাৰী : তাৰকা পেচ বলাৰ মুস্তাফিজুৰ ৰহমানক লৈ অন্ত পৰা নাই বিতর্ক৷ বাংলাদেশী তাৰকা বলাৰগৰাকীক আইপিএলত অংশগ্রহণ কৰাত নিষেধাজ্ঞাৰ প্রতিবাদত বাংলাদেশ চৰকাৰে আন এক ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনত মুস্তাফিজুৰক বাদ দিয়াৰ পিছতে বাংলাদেশে আইচিচি টি–২০ বিশ্বকাপৰ মেচ ভাৰতত নেখেলে বুলি জনাইছিল৷ এইবাৰ বাংলাদেশে আইপিএলৰ দৰে মেগা ইভেণ্টৰ সম্প্রচাৰ বন্ধ কৰাৰ নির্দেশ দিছে, কাৰণ এইবাৰ মুস্তাফিজুৰে আইপিএলত খেলিব নোৱাৰিব৷

আইপিএল সন্দর্ভত বাংলাদেশে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে বুলি ইতিপূর্বেই আভাস পোৱা গৈছিল৷ অন্তর্ৱর্তীকালীন চৰকাৰখনে আইপিএলৰ সম্প্রচাৰ বন্ধ কৰাৰ আইনী পদ্ধতি সন্দর্ভতো আলোচনা কৰে৷ উপদেষ্টা ছৈয়দা ৰিজৱানা হাছানে কয়- বাংলাদেশৰ তাৰকা পেচাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাদ দিয়া সন্দর্ভত চৰকাৰে আনুষ্ঠানিক সঁহাৰি দিব আৰু বাংলাদেশে শক্তিশালী স্থিতি গ্রহণ কৰিব৷ বাংলাদেশত আইপিএল সম্প্রচাৰৰ কর্তৃত্ব টি–স্প’ৰ্টছৰ হাতত আছে৷ কোম্পানীটোৱে ২০২৩ চনত Viacom১৮ৰ সৈতে চুক্তিবদ্ধ হৈছিল৷ এতিয়া ইউনুছ চৰকাৰে সেই অধিকাৰ বাতিল কৰাৰ নির্দেশ দিছে৷

বাংলাদেশ চৰকাৰে এক বিবৃতিত কয় যে বিচিচিআইৰ এই সিদ্ধান্তত বাংলাদেশৰ জনসাধাৰণ হতাশাত ভুগিছে আৰু ক্ষুব্ধ হৈ পৰিছে৷ জনস্বার্থত আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমোদন সাপেক্ষে আইপিএলৰ সকলো মেচ আৰু ইভেণ্ট সম্প্রচাৰ বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ চৰকাৰে স্পষ্ট কৰি দিছে যে পৰৱর্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা কার্যকৰী হৈ থাকিব৷ ইয়াৰ ফলত বাংলাদেশৰ কোটি কোটি ক্রিকেট অনুৰাগীয়ে আইপিএল চোৱাৰ পৰা বঞ্চিত হ’ব৷ বিশেষজ্ঞসকলৰ মতে, বাংলাদেশে বিশ্বৰ জনপ্রিয় ক্রিকেট লীগ দেখুৱাব নোৱাৰাৰ সিদ্ধান্তই আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রভাৱ পেলাব৷ অৱশ্যে বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰেও ভাৰতৰ সৈতে বৈদেশিক আৰু কূটনৈতিক সম্পর্কত ইয়াৰ কোনো প্রভাৱ নপৰে বুলি উল্লেখ কৰিছে৷

You might also like