১৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব ISL
অন্ত পৰিল সকলো জল্পনা–কল্পনা আৰু সন্দেহৰ৷ ১৪টা ক্লাবৰ মাজত অহা ১৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ (ISL)৷ প্রতিযোগিতাখন হোম আৰু এৱে ফর্মেটত অনুষ্ঠিত হ’ব৷
মঙলবাৰে ক্লাব মিত্রজোঁট, ফেডাৰেচন আৰু চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মাণ্ডবিয়াই প্রতিযোগিতা আৰম্ভ হোৱাৰ দিন ঘোষণা কৰে৷ পৃষ্ঠপোষককে ধৰি একাধিক জটিলতাৰ বাবে ISL অনিশ্চিত আছিল৷
ইয়াৰ সমাধান বিচাৰি নাপালে সর্বভাৰতীয় ফুটবল ফেডাৰেচনে৷ ISL ক্লাব মিত্রজোঁট আৰু ক্রীড়া মন্ত্রালয়ৰ সৈতে বাৰে বাৰে আলোচনা কৰিও সমস্যাৰ সমাধান নহ’ল৷ ISL ক্লাব মিত্রজোঁটেও লীগখন আয়োজন কৰাৰ প্রস্তাৱ দিছিল (পূব বংগৰ বাহিৰে) আয়–ব্যয়ৰ সন্দর্ভতো কেহবাটাও চর্ত দিছিল৷
অৱশেষত ক্রীড়া মন্ত্রালয়ৰ হস্তক্ষেপত এআইএফএফে ISL আয়োজন কৰিবলৈ ওলাইছে৷ মাণ্ডবিয়াই কয়, ISLক লৈ বহু জল্পনা–কল্পনা চলিছিল৷ চৰকাৰ, ফুটবল ফেডাৰেচন, মোহন বাগান, ইষ্ট বেংগল আৰু ১৪টা ক্লাবৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়৷ আমি সিদ্ধান্ত লৈছো যে ১৪ ফেব্রুৱাৰীৰ পৰা ISL আৰম্ভ হ’ব৷ সকলো ক্লাবে অংশগ্রহণ কৰিব৷
প্রতিযোগিতাখন পূর্বৰ দৰেই হোম আৰু এৱে ফর্মেটত অনুষ্ঠিত হ’ব৷ মুঠ ৯১খন খেল অনুষ্ঠিত হ’ব৷ কিন্তু দলসমূহৰ ভ্রমণ আৰু থকাৰ ব্যৱস্থাকে ধৰি লজিষ্টিক জটিলতা সমাধান হোৱা নাই৷ কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে কয় যে সেইবোৰ সমাধানৰ বাবে প্রচেষ্টা চলোৱা হৈছে৷ ক্লাবসমূহে কিমান মেচ খেলিব লাগিববা প্রতিযোগিতাৰ গাঁথনি কি হ’ব সেই বিষয়ে অৱগত কৰা হোৱা নাছিল৷
সভাত ক্লাবসমূহক প্রতিযোগিতাৰ ৰোডমেপৰ বিষয়ে অৱগত কৰা হয়৷ যোৱা শনিবাৰে এআইএফএফে ISLৰ অচলাৱস্থাৰ অন্ত পেলোৱাৰ ইংগিত দিছিল৷ সেইদিনা এখন জৰুৰী বৈঠকৰ অন্তত এক বিবৃতিত ঘোষণা কৰা হয় যে ফেডাৰেচনে লীগ চলাব৷ ইয়াৰ আগদিনা শুকুৰবাৰে ভাৰতৰ শীর্ষ ফুটবলাৰসকলে ভিডিঅ’ বার্তা প্রেৰণ কৰে৷ ভাৰতীয় ফুটবলৰ সমস্যা সমাধানৰ বাবে ফিফাৰ হস্তক্ষেপ বিচাৰিছিল৷
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী
লগতে এইটোও পঢ়ক — কল্পনা দত্তৰ কাব্য সংকলন মেঘে ধোৱা গান উন্মোচন