নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ জানুৱাৰীত প্রধানমন্ত্রীৰ সন্মুখত সৰুসজাইত পৰিৱেশন বাগৰুম্বা

ইয়াত প্রশিক্ষণ গ্রহণ কৰা ৩৭৯গৰাকী ওজা প্রশিক্ষকে ৰাজ্যৰ ২৩খন জিলালৈ গৈ সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা নৃত্য শিল্পীসকলক ৮, ৯ আৰু ১০ জানুৱাৰীলৈ প্রশিক্ষণ প্রদান কৰিব

অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বা নৃত্যক সমগ্র পৃথিৱীতে উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত সমূহীয়া প্রদর্শনৰ ব্যৱস্থা কৰিছে৷

প্রায় ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা ‘বাগৰুম্বা দহৌ’ শীর্ষক নৃত্যানুষ্ঠানটোৰ বাবে প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়াক্ষেত্রত সমূহীয়াভাৱে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব৷

স্থানীয় শিল্পগ্রামত এই কার্যসূচীৰ বাবে ৪ জানুৱাৰীৰ পৰা ওজা প্রশিক্ষকসকলক এটি মিউজিক ট্ৰেকৰ সহায়ত প্রদান কৰা প্রশিক্ষণৰ অন্ত পৰে৷ ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই বিশেষজ্ঞ সমিতিৰ সদস্যসকলে বিগত দিনকেইটাত ওজা প্রশিক্ষকসকলক প্রদান কৰা প্রশিক্ষণৰ পর্যালোচনা কৰাৰ লগতে প্রস্তুতিৰো বুজ লয়৷

উল্লেখ্য যে ইয়াত প্রশিক্ষণ গ্রহণ কৰা ৩৭৯গৰাকী ওজা প্রশিক্ষকে ৰাজ্যৰ ২৩খন জিলালৈ গৈ সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা নৃত্য শিল্পীসকলক ৮, ৯ আৰু ১০ জানুৱাৰীলৈ প্রশিক্ষণ প্রদান কৰিব৷

সাংস্কৃতিক মন্ত্রী বড়াই তেওঁলোকৰ ওপৰতে সমগ্র অনুষ্ঠানটোৰ সফলতা নির্ভৰ কৰা বুলি উল্লেখ কৰি ওজা প্রশিক্ষকসকলক ইয়াৰ পিছত নিজ নিজ জিলালৈ গৈ মন–প্রাণ ঢালি নৃত্যশিল্পীসকলক প্রশিক্ষণ প্রদানৰ বাবে আহ্বান জনায়৷

মন্ত্রী বড়াই বিহুনাচ, ঝুমুইৰৰ দৰে বাগৰুম্বা নৃত্যৰ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অংশগ্রহণ ৰাজ্যবাসীৰ বাবে সৌভাগ্যৰ কথা বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ জৰিয়তে সাংস্কৃতিক সম্পদৰাজি বিশ্বজুৰি উদ্ভাসিত হৈ উঠে বুলি কয়৷

মন্ত্রী বড়াই বিহু বিনন্দীয়া, ঝুমইৰ বিনন্দিনীৰ দৰে বাগৰুম্বা দহৌ অনুষ্ঠানটিকো সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়৷ উল্লেখ্য যে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ মৃত্যু তিথি অর্থাৎ ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰে সংগতি ৰাখি বিভিন্ন জিলাৰ পৰা অহা বড়ো জনগোষ্ঠীয় শিল্পীসকলে সমূহীয়া বাগৰুম্বা নৃত্য প্রদর্শন কৰিব৷ সাংবাদিকসকলৰ আগত বাগৰুম্বা নৃত্য প্রদর্শন সন্দর্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াই প্রকাশ কৰে যে এই নৃত্য চূড়ান্তভাৱে প্রদর্শনৰ পূর্বে ওজা প্রশিক্ষকসকলে ৰাজ্যৰ ২৩খন জিলালৈ গৈ মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা শিল্পীসকলক প্রশিক্ষণ প্রদান কৰিব৷

এই প্রশিক্ষণ প্রদানৰ পাছত শিল্পীসকলক সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত পর্যায়ত নৃত্য প্রদর্শনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ লৈ অহা হ’ব ১১ জানুৱাৰীত৷ সৰুসজাই ষ্টেডিয়ামত ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰীত শিল্পীসকলে অনুশীলনত অংশগ্রহণ কৰিব৷

১৬ জানুৱাৰীত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব৷ খাম, চিফুং, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্রৰ তালে তালে বড়ো ডেকা–গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া প্রধানমন্ত্রীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্রদর্শন কৰিব৷

পাঞ্জাবাৰীৰ শিল্পগ্রামত সাস্কৃতিক মন্ত্রীৰ পর্যালোচনাৰ সময়ত সাংস্কৃতিক পৰিক্রমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্রৱর্তী, সাংস্কৃতিক মন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্র দাসকে ধৰি সাংস্কৃতিক বিভাগৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল৷

ডিজিটেল ডেস্ক, ৭ জানুৱাৰী

লগতে এইটোও পঢ়ক — মই এজন অপহৃত ৰাষ্ট্ৰপতি… আমেৰিকাৰ অভিযোগ নাকচ মাদুৰোৰ

You might also like