ChatGPT-ৰ পৰামর্শ মতে ঔষধ খাই মৃত্যু যুৱকৰ
ChatGPT-ৰ পৰামর্শ মানি ঔষধ সেৱন কৰাৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হয় এজন ১৮ বছৰীয়া যুৱক৷ এই মর্মান্তিক ঘটনাটো ঘটিছে আমেৰিকাত৷ মৃত যুৱকজনৰ নাম ছাম নেলছন৷
প্রাথমিকভাৱে জানিব পৰা মতে মৃত্যুৰ কেইবামাহো পূর্বৰে পৰাই যুৱকজনে ChatGPTক বিভিন্ন ঔষধ সম্পর্কে প্রশ্ন কৰিছিল৷ স্বাভাৱিকভাৱেই ChatGPTয়ে তেওঁক এইক্ষেত্রত সহায় কৰা নাছিল৷
কিন্তু অভিযোগ মতে যুৱকজনে কাৰচাজি কৰি ChatGPTক অবৈধ ঔষধ সম্পর্কে প্রশ্ন কৰি থাকে৷ সুদীর্ঘ ১৮ মাহ ধৰি এই যোগাযোগ চলিছিল৷ মৃত্যুৰ পূর্বে তেওঁ ChatGPTক লিখিছিল, ‘আৰু নিচাতুৰ হ’বলৈ বিচাৰোঁ৷’ ঔষধৰ পৰিমাণ বৃদ্ধিৰ পৰামর্শ দিয়ে ChatGPTয়ে৷ তাৰ পৰিণতিতে তেওঁৰ মৃত্যু হয়৷
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী