উজনি-নামনি সৰ্বত্ৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি
ভোগালী বিহু অসমীয়াৰ অন্যতম প্ৰধান উৎসৱ, যাক মাঘ বিহু বুলিও কোৱা হয়। এই উৎসৱটি মূলতঃ ভোগ-বিলাস, একতা আৰু কৃতজ্ঞতাৰ প্ৰতীক। পুহ মাহৰ শেষত আৰু মাঘ মাহৰ আৰম্ভণিত ভোগালী বিহু উদযাপন কৰা হয়, যেতিয়া খেতিয়কে বছৰজোৰা পৰিশ্ৰমৰ ফল লাভ কৰে। ভোগালী বিহুৰ আগদিনা উৰুকা পালন কৰা হয়। এইদিনা পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱ একেলগে মিলি ভোজ-ভাত খায়। পথাৰৰ পাৰত বা নদীৰ কাষত ভেলাঘৰ সাজি ৰাতিৰ ভোজৰ ব্যৱস্থা কৰা হয়। পৰদিনা পুৱা সূৰ্যোদয়ৰ আগতেই মেজি জ্বলোৱা হয় আৰু অগ্নিদেৱতাক সাক্ষী কৰি ভৱিষ্যতৰ সুখ-শান্তিৰ কামনা কৰা হয়। এই বিহুত পিঠা-পনা, লাৰু, চিৰা, আখৈ আদি নানা পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। ভোগালী বিহুৱে কেৱল ভোজনৰ উৎসৱ নহয়, ই অসমীয়াৰ সামাজিক একতা, পৰম্পৰা আৰু সংস্কৃতিকো শক্তিশালী কৰি তোলে। মুঠতে, ভোগালী বিহু অসমীয়া সমাজৰ আনন্দ, ভ্ৰাতৃত্ববোধ আৰু কৃতজ্ঞতাৰ এক উজ্জ্বল প্ৰতিফলন।
মঙলদৈ ব্যাপক প্ৰস্তুতি
ভোগৰ বিহু ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন। ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্থ। গাঁও চহৰ সকলোতে ভোগালীৰ উৎসাহ। গাঁৱৰ পথাৰত নিৰ্মাণ কৰা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ। পিছপৰি ৰোৱা নাই চহৰসমূহ। বিভিন্ন স্থানৰ পৰা খেৰ নৰা সংগ্ৰহ কৰি আনি মঙলদৈ চহৰৰ জ্যোতি নগৰত নিৰ্মাণ কৰিছে দুমহলীয়া ৰাজমহল আৰ্হিৰ ভেলাঘৰ।ইতিমধ্যে উৰুকাৰ নিশা এসাঁজ লগেভাগে খাবলৈ যা-যোগাৰ সম্পূৰ্ণ কৰিছে। হাঁহ, ছাগলী কিনি আনি ৰাখিছে। মহিলাসকলে ভেলাঘৰ বনোৱা স্থানতে পিঠাপনা বনাই আছে। একাংশ মহিলাই বিহু গীতৰ তালে তালে নাচি আনন্দ ফুৰ্তি কৰিছে। মাত্ৰ উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ উপৰি এই স্থানত অনুষ্ঠিত হব পৰম্পৰাগত খেল-ধেমালি। যাৰ বাবে ডেকা বুঢ়া সকলো প্রস্তুত হৈছে। বিহু উপলক্ষে বজাৰত ক্ৰেতাৰ ভিৰ। মঙলদৈৰ বাংলাগড় সাপ্তাহিক বজাৰত ওলাইছে বিধে বিধে ভোগৰ সামগ্ৰী। বৰাচাউলৰ পৰা জুলীয়া মিঠৈ, দৰঙত কোৱা হয় চূড়া, গুৰকে ধৰি বিভিন্ন সামগ্ৰী কিনিছে ৰাইজে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈতো ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। এই উপলক্ষে ভেলাঘৰৰ লগত উৰুকাৰ নিশা গাঁওবাসীয়ে লগেভাগে এসাঁজ খোৱাৰো প্ৰস্তুতি।
নাহৰকটীয়াত ভোগালীক আদৰাৰ প্ৰস্তুতি
হেঁপাহৰ ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক আয়োজন। নাহৰকটীয়াৰ কমাৰ গাঁৱতো চলিছে ভোগালীক আদৰাৰ মহাআয়োজন। আঘোণৰ পথাৰৰ সোণোৱালী হৈ থকা সোণগুটিসমূহ চপোৱাৰ অন্তত উকা হৈ পৰা কমাৰগাঁৱৰ এই পথাৰখনত এতিয়া ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা, আবাল বৃদ্ধ বণিতা।গাঁওখনৰ যুৱকসকলে খৰি কাঠ গোটাই মেজি তৈয়াৰ কৰাত ব্যস্ত থকাৰ বিপৰীতে মহিলাসকল ভেলাঘৰৰ কাষতে ব্যস্ত হৈ পৰিছে পিঠা পনা প্ৰস্তুত কৰাত। হেঁপাহৰ ভোগালী আহিছে সেয়েহে ভেলাঘৰস্থলীত কঁকাল ঘূৰাই নাচিছে মহিলাই। আজিৰ সমাজ ব্যৱস্থাত আধুনিকতাৰ বাৰুকৈ প্ৰভাৱ পৰিছে। কিন্তু ইয়াৰ মাজতেই প্ৰতিজন অসমীয়াই পাহৰি যোৱা নাই নিজৰ ঐতিহ্য আৰু পৰম্পৰা। উৰুকাৰ নিশা পা-পৰিয়াল মিতিৰ কুটুমৰ সৈতে এসাঁজ খোৱাৰ পৰিকল্পনাৰে পূৰ্ণ প্ৰস্তুতি চলিছে নাহৰকটীয়াৰ কমাৰ গাঁৱত।
গৰুখুঁটিতো প্ৰস্তুতি
পদূলিমুখত অসমীয়াৰ হেপাঁহৰ ভোগালী বিহু। মাজত আৰু মাথোঁ দুটাদিনহে বাকী। প্ৰতিখন ঘৰতে এতিয়া উথপথপ্ পৰিৱেশে বিৰাজ কৰিছে। সমান্তৰালভাৱে ভোগালীৰ তৎপৰতা দেখা গৈছে গৰুখুটি কৃষি প্ৰকল্পতো। এক কথাত আগতীয়াকৈ বিহুৰ সুবাসেৰে সুবাসিত হৈছে গৰুখুঁটি কৃষি প্ৰকল্প। ইতিমধ্যে পিঠাপনাকে ধৰি দৰঙত বিহুৰ মুখ্য উপাদান চুঙাপিঠা প্ৰস্তুত হৈছে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত। প্ৰকল্পটোৰ কৃষি সৈনিকসকলে প্ৰস্তুত কৰা নানান প্ৰকাৰৰ পিঠা-লাড়ুৰ উপৰি চুঙা পিঠাই শুৱনি কৰিব প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰৰ ভোগালী মেলা। একেদৰে প্ৰকল্পটোৰ গীৰ গাইৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা দৈ, ক্ৰীম আদিও সাজু হৈছে। মুঠৰ ওপৰত বিহুলৈ দুটা দিন বাকী থাকোঁতেই এতিয়া ভোগৰ উপাচাৰেৰে উপচি পৰিছে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প।
টীয়কত ভোগালীক আদৰাৰ প্ৰস্তুতি
সন্মুখত হেঁপাহৰ ভোগালী বিহু, ৰাজ্যবাসী ব্যস্ত ভোগালীক আদৰাৰ প্ৰস্তুতিত ৷ কোনোবা যদি আখলত ব্যস্ত আন কোনোবা আকৌ ভেলাঘৰ নিৰ্মাণত ব্যস্ত ৷ মুঠতে মাঘবিহুৰ সতামপুৰুষীয়া পৰম্পৰা ধৰি ৰখাৰ বাবে এতিয়া নগৰে চহৰে ভীষণ ব্যস্ত ৰাজ্যবাসী ৷ টীয়কৰ চাওখাট ভৰলুৱা গাঁৱত মহিলাসকল লগ হৈ একেলগে পিঠা লাড়ু বনোৱাত ব্যস্ত ৷ নিজৰ ঘৰুৱা প্ৰয়োজনীয়তাৰ উপৰি এইসকল মহিলাই ব্যৱসায়িকভাৱেও এই পিঠা জলপান লাড়ু বনাই স্থানীয় বজাৰ দখল কৰা দেখা গৈছে ৷
টিহুত আখলত ব্যস্ততা মহিলাৰ
ভোগালী বিহু যিমানেই কাষ চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে মহিলাৰ আখলত। ভোগালীলৈ পিঠাপনা যা-যোগাৰ কৰাত উঠিপৰি লাগিছে জীয়ৰী বোৱাৰীসকল। একেই ব্যস্ততা টিহুৰ মহিলা উদ্যোগী প্ৰণিতা কলিতাৰ থলুৱা পিঠাপনাৰ উদ্যোগত। ভোগালীলৈ উদ্যোগটোত প্ৰস্তুত কৰি থকা হৈছে ভোগালীৰ বিবিধ পিঠাপনা। দিনে নিশাই উদ্যোগটোৰ আখলত ব্যস্ত হৈ পৰিছে দহগৰাকী মহিলা। কোনোৱে ঢেকীত পিঠাগুৰি খুন্দিছে, কোনোৱে পিঠাত দিছে পাক। উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে প্ৰণিতা কলিতাৰ উদ্যোগৰ ভোগালীৰ পিঠাপনা, জলপান।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী