ডিজিটেল ডেস্ক, ১০ জানুৱাৰী : সোণালী আঘোণৰ পথাৰত ব্যস্ততা এতিয়া আৰু শেষ হ’ল৷ শেষ হ’ল দাৱনীৰ কাচিৰ কচ্ কচ্–খচ্ খচ্ শব্দৰ সমদল৷ ভৰুণ পথাৰৰ ছ–থৰীয়া ডাঙৰিবোৰ লখিমী হৈ সুঠাম–সবল কৃষক–খেতিয়কৰ কান্ধত উঠি ভঁৰাললৈ আহিল৷ পথাৰৰ পৰা বছৰচেৰেকৰ জোখাৰে ভাতমুঠি চপাই অসমৰ গাঁৱৰ সমূহ কৃষক পৰিয়ালৰ মুখত জিলিকি উঠিল প্রাপ্তিৰ হাঁহি৷ এয়াই প্রতিজন চহা কৃষকৰ মুখৰ সঁফুৰা৷ প্রতিজন চহা কৃষকৰ এই মুখৰ সঁফুৰাত উঠিয়েই পুহমহীয়া সেৰেঙা জাৰ চেৰাই প্রতিজন অসমীয়াৰ পদূলিত অৱগাহন কৰিছেহি বাপতিসাহোন মাঘৰ বিহু৷
মাজত মাত্র আৰু তিনিটা দিন৷ আৰু তিনিটা দিনৰ পিছতে সমগ্র অসমবাসীয়ে পালন কৰিব পুহ আৰু মাঘ মাহৰ সংক্রান্তিৰ দিনা ভোগৰ উৎসৱ ভোগালী বিহু৷ অসমৰ সমূহ চহা কৃষিজীৱী পৰিয়ালত এতিয়া ধনে–ধানে উভৈনদী৷ ভঁৰালত ধান–মাহ, পুখুৰীত মাছ৷ গঁৰালত হাঁহ–কুকুৰা, গোহালিত গৰু, ম’হ– উভৈনদী গাখীৰ–দৈ৷ জান–জুৰি–নৈ–উপনৈ শুকাই অহাত মাছ–কাছৰ অভাৱ নাই৷ প্রকৃতার্থত প্রকৃতিৰ অপর্যাপ্ত প্রাচুর্যৰে ভৰপূৰ অসমৰ সামগ্রিক পৰিৱেশ এতিয়া উপভোগৰ সময়৷ সেয়েহে এই বিহু ভোগালী৷
অসমজুৰি গাঁওবোৰত এতিয়া ঢেঁকীৰ মাতৰ গুমগুমনি৷ ঘৰৰ লখিমী বোৱাৰী–জীয়ৰীৰ হাতত এতিয়া চিৰা–পিঠা–সান্দহৰ গোন্ধ৷ ব্যস্ততাৰ অন্ত নাই এতিয়া তেওঁলোকৰ৷ আগন্তুক ভোগালী বিহু উদযাপনক লৈ যে কেৱল জীয়ৰী–বোৱাৰীবোৰেই ব্যস্ত হৈ পৰিছে তেনে নহয়৷ ব্যস্ত হৈ পৰিছে ডেকা–বুঢ়া, কণ কণ শিশুও৷ অসমৰ চৌদিশে এতিয়া মাঘৰ বিহুৰ ভেলাঘৰ সজাৰ ব্যস্ততা৷ পথাৰৰ সোণগুটি চপাই নিয়াৰ পাছত প্রতিখন গাঁৱত শুকান নৰা আৰু খেৰেৰে গাঁৱৰ যুৱক–যুৱতী, কণ কণ শিশুবোৰে আটকধুনীয়া আকর্ষণীয় ভেলাঘৰ সাজি আয়োজন কৰিছে ভোগালীৰ আনন্দোৎসৱ৷ সাজিছে গছৰ পাত–নৰাৰে পাতমেজিও৷ সময়ৰ পৰিৱর্তনৰ লগে লগে পূর্বাপৰ সাজি উলিওৱা ভেলাঘৰৰ বিপৰীতে এইবাৰো অসমৰ বহু ঠাইত দৃষ্টিনন্দন ৰূপত বিভিন্ন আর্হিত যুৱক–যুৱতীসকলে সাজি উলিয়াইছে ভেলাঘৰ৷
উল্লেখনীয়ভাৱে এইবাৰ অসমৰ বহু অঞ্চলত ভেলাঘৰৰ আর্হিত সদ্যপ্রয়াত অসম–অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গক সন্নিৱিষ্ট কৰিছে৷ বহু অঞ্চলত শিল্পীগৰাকীৰ মুখাৱয়ৱ তথা প্রতিকৃতি স্থানীয় শিল্পীৰ অনুভৱৰ ৰঙেৰে সংপৃক্ত হৈ পৰিছে৷ প্রাণৰ শিল্পীক মৰিগাঁৱৰ ৰহাত নৰা–খেৰ, কাঠ–বাঁহেৰে আটকধুনীয়াকৈ সাজি উলিয়াইছে স্থানীয় যুৱকসকলে৷ জুবিন গার্গক অকালতে হেৰুৱাই ম্রিয়মাণ হৈ পৰা অসমবাসীয়ে ভেলাঘৰৰ আর্হি তৈয়াৰ কৰাৰ কাম–কাজৰ মাজতো স্পর্শ কৰিছে জীৱন্ত জুবিনৰ নান্দনিক অনুভূতি৷ আৱেগেৰে অনুভৱ কৰিছে জুবিন স্মৃতি৷ জুবিনবিহীনভাৱেই অসম–অসমীয়াই পাতিবলৈ লৈছে প্রথমটো বিহু৷ শিল্পীগৰাকীৰ অবর্তমানত শোকার্ত অসমীয়াৰ মন বিষণ্ণতাৰ ছায়াৰে আৱৰিছে যদিও তেজৰ সিৰাই সিৰাই প্রৱাহমান বিহু উদযাপন–উপভোগ কৰাৰ ক্ষেত্রত অৱশ্যেই পিছপৰি ৰোৱা নাই৷
চৰকাৰী সা–সুবিধা, অৰুণোদয় আঁচনিৰ ধনপ্রাপ্তিৰে অসমৰ গৰিষ্ঠসংখ্যক পৰিয়ালেই ভোগালীৰ ভোজন, আনন্দ–উৎসৱ আয়োজনৰ বাবে সাজু হৈছে৷ অৱশ্যে অসমৰ গ্রামাঞ্চলৰ সর্বসাধাৰণ লোকে ধান–মাহ–সৰিয়হ, পিঠা–পনা–সান্দহেৰে বিহু পালন কৰিবলৈ সাজু হ’লেও চহৰ–নগৰত বিহু উদযাপনৰ ক্ষেত্রত বিহুৰ খাদ্য সম্ভাৰ, দ্রব্য–সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিয়ে ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷