নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ পুৰণাজেলমৰ আনচিং গাঁৱত ধাবাত বিধ্বংসী অগ্নিকাণ্ড

জোনাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী পুৰণাজেমলৰ আনচিং গাঁৱত শনিবাৰে নিশা প্ৰায় ১০ বজাত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা মনোজ পাৱৰ ঘৰৰ কাষতে থকা এখন ধাবাত অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰত্যক্ষ কৰে ঘৰৰ পৰা বন্ধুক আগবঢ়াবলৈ অহা মনোজ পাৱে । লগে লগে বন্ধুজনৰ সৈতে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও  ধাবাখনৰ পাকঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে গাঁৱৰ ৰাইজৰ উপস্থিতিত ধাবাখনৰ পাকঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও তিনি-চাৰিটাকৈ মূল ঘৰ বচাবলৈ সক্ষম হয়।

উল্লেখ্য যে ধাবাখনত বিদ্যুত সংযোগ কৰা নাই, তেনে ক্ষেত্ৰত জুইৰ সূত্ৰপাত কেনেকৈ হ’ল ? কোনোবা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে স্বত্বাধিকাৰীয়ে। সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

নিয়মীয়া বাৰ্তা, জোনাই, ১১ জানুৱাৰী :
You might also like