নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ লুৎফুৰ ৰহমানে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ভোগালী মেলাৰ। ভোগালী মেলাত বিদ্যালয়খনৰ একাংশ ছাত্র-ছাত্রীয়ে গাঁৱত উৎপাদিত সামগ্ৰীৰে তিলপিঠা, নাৰিকল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, বৰপিঠা, ঘিলাপিঠা, তেলপিঠা, কলপিঠা, চুঙাপিঠা, জহা চাউল, বৰাচাউল, হাঁহকণী, নাৰিকল, কোমোৰা, লাই, পালেং, চুকাশাক, লফা, অমিতা, কচু, মানিমুনি, ভেদাইলতা, কাঠফুলা, কল, অমিতা আদি বিক্রীৰ বাবে প্ৰদৰ্শন কৰে।

দিনৰ ১০ বজাত ভোগালী মেলাৰ দ্বাৰ উন্মোচন কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকাই। ভোগালী মেলাৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত চাৰিখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকাকেইখন ড° ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কনকলতা বৰুৱা আৰু আনন্দৰাম বৰুৱাৰ নামত উৎসৰ্গা কৰা হয়। প্ৰাচীৰ পত্ৰিকাকেইখন উন্মোচন কৰে ক্ৰমে ড° বিমান হাজৰিকা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক আব্দুল গফুৰ, মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলাম আৰু মৈৰাবাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° মইদুল ইছলামে।

মুখ্য অতিথি বিমান হাজৰিকাই মৈৰাবাৰীৰ দৰে ভিতৰুৱা অঞ্চল এটাত ভোগালী মেলাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ ভোগালী মেলাৰ কাৰ্যসূচীত লাহৰীঘাটৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, স্থানীয় একাধিক গণ্যমান্য ব্যক্তিও উপস্থিত আছিল। আনহাতে, মৈৰাবাৰী অঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ভোগালী মেলাই অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ মনতো প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰা হৈছে।

নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ১২ জানুৱাৰী :

You might also like