নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ সৈতে ব্যৱসায় কৰিলে ভৰিব লাগিব ২৫ শতাংশ শুল্ক, ট্ৰাম্পৰ ভাবুকি

নিউজ ডেস্ক, ১৩ জানুৱাৰী : এইবাৰ ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিলে ট্ৰাম্পে। আমেৰিকা-ইৰানৰ মাজত উত্তেজনা অধিক তীব্ৰ হৈ উঠাৰ সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ আৰু কঠোৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। ইৰানৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দি আমেৰিকাই এনে দেশসমূহৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিয়ে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ’ত জনায় যে যদি কোনো দেশে ইৰানৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰাখে, তেন্তে আমেৰিকাৰ সৈতে হোৱা সকলো ব্যৱসায়ত তেওঁলোকে ২৫ শতাংশ কৰ দিব লাগিব। এই নিয়ম তৎক্ষণাত কাৰ্যকৰী হ’ব আৰু ইয়াত কোনোধৰণৰ ৰেহাই নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

ইয়াৰ আগতে ট্ৰাম্পে উল্লেখ কৰিছিল যে আমেৰিকাই ইৰানৰ সৈতে আলোচনাত বহিবলৈ সাজু আছে আৰু ইৰানৰ বিৰোধী নেতাসকলৰ সৈতেও তেওঁ যোগাযোগ বজাই ৰাখিছে। ইৰানত প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে তেওঁ সামৰিক ব্যৱস্থাৰো সকীয়নি দিছিল, যাৰ ফলত চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পাইছিল।

You might also like