নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত কি দেখি মৰ্মাহত হ’ল স্বাস্থ্যমন্ত্ৰী ?

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । গোলাঘাটত ক’ৰোনাত আক্ৰান্ত হোৱা ৮ জন ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক সকলৰ সৈতে এক আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ।

মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত একাংশ ৰোগীৰ আচৰণ দেখি মৰ্মাহত হোৱা বুলি উল্লেখ কৰে । কিয়নো একাংশ ৰোগীয়ে ওপৰৰ পৰা থু পেলোৱাৰ ফলত অন্য লোকৰ শৰীৰলৈ ই সহজে সংক্ৰমিত হ’ব পাৰে বুলি উল্লেখ কৰে । ৰোগীসকলে এই ৰোগ সম্বন্ধে অৱগত নোহোৱাৰ বাবেই সমাজখনৰ বাবে ভয়ংকৰ বিপদ আহিব পাৰে গতিকে সকলো চিকিৎসককে ৰোগীসকলৰ কাষলৈ যাওঁতে ৰোগ সম্বন্ধে তেওঁলোকক অৱগত কৰিবলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

১৪ দিন সুন্দৰভাৱে চিকিৎসক তথা চৰকাৰৰ লগত সহযোগিতা আগবঢ়াবলৈও অনুৰোধ কৰে হিমন্ত বিশ্ব শৰ্মাই । ইফালে, এই ৰোগ সন্দৰ্ভত একাংশক লক্ষ্য কৰি লোৱা বুলি উচ্চাৰিত হৈ থকা কথা সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় মোৰো ৰোগ হ’ব পাৰে কিয়নো সমগ্ৰ অসমেই ঘূৰি ফুৰিছো । ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী-ৰজা কোনো সাৰি যোৱা নাই এই ৰোগৰ পৰা । তেনে ক্ষেত্ৰত ইয়াত কোনো ৰাজনীতি জড়িত হৈ থকা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

You might also like