নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুৰ বাবে কান্দিব কোনে ?

হিন্দু সংকটত নেকি? যিখন দেশত প্রায় ১০০ কোটি হিন্দু বাস কৰে, সেইখন দেশৰ ভূমিত থিয় হৈ এই প্রশ্ণ কৰিলে সেই প্রশ্ণ অবান্তৰ যেনেই লাগিব পাৰে৷ ৭৮.৫ শতাংশৰ পৰা ৭৯.৮ শতাংশ হিন্দুৱে বসবাস কৰা ভাৰতত হিন্দু সংকটত পৰাটো এক অস্বাভাৱিক যেন লাগিব পাৰে৷ উপৰুৱা দৃষ্টিত ভাৰতৰ সকলোতকৈ বৃহৎ সম্প্রদায় হিন্দু সম্পূর্ণ সুৰক্ষিত যেন লাগিলেও বিশ্বত কিন্তু ক্রমশঃ গভীৰ সংকটৰ দিশে ধাৱমান হৈছে হিন্দু৷ আনকি বিশ্বৰ একমাত্র হিন্দু ৰাষ্ট্র প্রতিৱেশী নেপালতো সংকটৰ সন্মুখীন হৈছে হিন্দু৷ শেহতীয়া ডেৰ দশকত ভাৰতত হিন্দুৰ অখণ্ডতাৰ প্রতি সবল স্থিতিৰ সৃষ্টি হৈছে৷ আৰু এনে স্থিতিৰ বাবে শেহতীয়াকৈ ভাৰতক হিন্দু ৰাষ্ট্র হিচাপে ঘোষণা কৰাৰ বাবেও উঠা দাবী ক্রমশঃ শক্তিশালী হ’বলৈ ধৰিছে৷ নিঃসন্দেহে ধর্মনিৰপেক্ষ ভাৰতক হিন্দু ৰাষ্ট্র হিচাপে ঘোষণা কৰাৰ দাবী যিমানেই বিতর্কিত নহওক কিয়, সাম্প্রতিক প্রেক্ষাপটৰ পৰা ক’ব পৰা যায় যে অদূৰ ভৱিষ্যতে হিন্দুৰ সুৰক্ষাৰ বাবে এই দাবী আৰু প্রবলতৰ হৈ পৰিব৷ কেৱল ধর্মীয়ই নহয়, সাংস্কৃতিক ফালৰ পৰাও মুছলমান আৰু খ্রীষ্টানৰ আগ্রাসন যিমানেই বৃদ্ধি পাব, সিমানেই ভাৰতক হিন্দু ৰাষ্ট্র কৰাৰ দাবী প্রবল হ’ব৷ প্রশ্ণ উঠিব– ভাৰতত হিন্দু সুৰক্ষিত নহয় নেকি? আপেক্ষিক দৃষ্টিত দেশত এই মুহূর্তত হিন্দু সম্পূর্ণ সুৰক্ষিত যদিও ভৱিষ্যতৰ বাবেই হিন্দুৰ কাৰণে এক নিৰাপদ বেষ্টনী গঢ়াৰ প্রয়োজনীয়তা আহি পৰিছে৷ মুছলমান আৰু খ্রীষ্টানসকলে সংখ্যাগৰিষ্ঠতাৰে পৃথিৱীৰ বহু দেশেই তেওঁলোকৰ অধীনলৈ নিয়াৰ পিছত ক্রমান্বয়ে হিন্দুৰ বাবে সংকুচিত হৈ আহিছে এই পৃথিৱী৷ আৰু বিশ্বৰ হিন্দুসকলৰ নিৰাপদ বসবাসৰ স্থান হিচাপে হয়তো বাছি থাকিব একমাত্র ভাৰতবর্ষ৷ অত্যন্ত আশ্চর্যজনকভাৱে যি সময়ত হিন্দুসকল বিশ্বৰ বিভিন্ন স্থানত নৃশংস আক্রমণৰ বলি হৈছে, বিভিন্ন স্থানৰ পৰা বিতাড়িত হৈছে, সেই সময়ত কিন্তু ভাৰতবর্ষৰে একাংশ হিন্দুৱে তেওঁলোকৰ কাষত থিয় হৈ সাহস দিয়াৰ পৰিৱর্তে হিন্দুৰ ‘আগ্রাসন’ক লৈহে সৰৱ হৈছে৷ কেৱল ভাৰতৰ আন ৰাজ্যসমূহতে নহয়, অসমতো এনে মুখাপিন্ধা একাংশ হিন্দু প্রকাশ্যভাৱেই হিন্দুৰ বিৰুদ্ধাচৰণত নামি পৰিছে৷ এই মুখাধাৰীসকলে আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আক্রমণ চলোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত প্রতিবাদী মিছিল বাহিৰ কৰে৷ কিন্তু বাংলাদেশত নির্বিবাদে বর্বৰভাৱে খেদি খেদি হানি–খুঁচি নৃশংসভাৱে হত্যা কৰা হিন্দুসকলৰ বাবে এষাৰো মাত নামাতে ৷ এবাৰলৈও কান্দি নুঠে তেওঁলোকৰ অন্তৰাত্মা৷
ভাৰতত হিন্দুৰ সুৰক্ষাৰ দাবী যিমানেই সবল হৈছে, সিমানেই দেশৰ ভিতৰে–বাহিৰে হিন্দুৰ ওপৰত আক্রমণ বৃদ্ধি পাইছে৷ ধর্মীয় আৰু সাংস্কৃতিক আক্রমণেই নহয়, এতিয়া দেখ দেখকৈ হিন্দুক নিঃশেষ কৰাৰ প্রাণঘাতী আক্রমণ চলিব ধৰিছে৷ ইয়াৰ সকলোতকৈ উৎকৃষ্ট প্রমাণ হ’ল যোৱা দুটা মাহত চুবুৰীয়া বাংলাদেশত চলি অহা হিন্দু নিধন যজ্ঞ৷ মহম্মদ ইউনুছে দায়িত্বভাৰ গ্রহণ কৰাৰ পিছত বাংলাদেশত শতাধিক হিন্দুক প্রকাশ্যে অথবা অপ্রকাশ্যে হত্যা কৰা হৈছে৷ প্রাণ কাঢ়ি লোৱাৰ সমান্তৰালকৈ বাংলাদেশত থকা হিন্দুৰ পৰা মাটি–সম্পত্তি কাঢ়ি লোৱা হৈছে৷ নিৰাপত্তা বাহিনীৰ সন্মুখতে দেখদেখকৈ জ্বলাই দিয়া হৈছে ঘৰ৷ হিন্দু নাৰী–যুৱতীক বর্বৰ নির্যাতন চলোৱা হৈছে৷ হিন্দু হত্যাৰ পৰিসংখ্যাত শেহতীয়াকৈ যোৱা শুকুৰবাৰে যোগ হৈছে আৰু এটা সংখ্যা৷ কিস্তিত কিনা এটা ম’বাইলৰ বাবে ৫০০ টকা আদায় দিয়াত পলম হোৱা বাবে মাত্র ১৯ বছৰীয়া জয় মহাপাত্র নামৰ যুৱকজনক এদল লোকে প্রচণ্ড মাৰপিট কৰে৷ সেই মাৰপিটতে ক্ষান্ত নাথাকি ম’বাইল বিপণীৰ মালিকে যুৱকজনৰ শৰীৰত বলপূর্বক এটা বিষাক্ত বেজী দিয়ে৷ যাৰ ফলত হাস্পতালত চিকিৎসাধীন অৱস্থাত তীব্র বিষক্রিয়াত কৰুণভাৱে জয় মহাপাত্রৰ মৃত্যু হয়৷ বাংলাদেশত এতিয়া হিন্দুৰ হত্যা এক সুলভ দৃশ্য৷ পাকিস্তানত যিদৰে হত্যা–নির্বিচাৰ আক্রমণেৰে হিন্দুসকলক বিতাড়িত কৰা হৈছিল, সেই একেই ‘পৰম্পৰা’ৰে বহির্প্রকাশ দেখিবলৈ পোৱা গৈছে বাংলাদেশত৷ ঐক্যবদ্ধ হিন্দুৰ সবল প্রতিৰোধ অবিহনে এই পৰম্পৰা চলি থাকিব বছৰৰ পিছত বছৰ ধৰি৷ ইখন দেশৰ পিছত সিখন দেশত৷

You might also like