নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ এছিয়াৰ সবাতোকৈ বিশাল বস্তিত পুনৰ পোৱা গ’ল এজন ক’ৰোনা আক্ৰান্ত । ৩৫ বছৰীয়া এজন চিকিৎসকৰ শৰীৰত শেহতীয়াভাৱে ধৰা পৰে ক’ভিড-১৯ । এছিয়াৰ সবাতোকৈ বিশাল এই বস্তিত তিনিদিন পূৰ্বে প্ৰথম ক’ৰোনাত আক্ৰান্ত হৈছিল ৫৬ বছৰীয়া এজন লোক । হাস্পতাললৈ নিয়া হৈছিল যদিও কিন্তু ক’ৰোনাৰ হাতত হাৰ মানিলে এইগৰাকী লোকে ।
আক্ৰান্ত ব্যক্তিৰ পৰিয়ালক ইতিমধ্যে কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে । বৃহত্তৰ মুম্বাই পৌৰসভাৰ সূত্ৰ অনুসৰি নিজৰ ঘৰতে পৰিয়ালৰ সৈতে আক্ৰান্ত চিকিৎসকগৰাকী । তৎকালীন এই পৰিস্থিতিত সম্পূৰ্ণ ৰূপে ছীল কৰি দিয়া হৈছে তেওঁৰ বাসগৃহ । ধাৰাভিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বৰ্ষা গাইকৱাৰে কৈছে – ধাৰাভিৰ আৰক্ষীৰ আৰু পৌৰকৰ্মীসকলে কৈছে চিন্তাৰ কোনো কাৰণ নাই । তেতিয়ালৈকে লকডাউন মানি চলক সকলোৱে ।
ধাৰাভি বস্তিৰ পৰিসৰ হৈছে ৬১৩ একৰ । সেই অঞ্চলটোতে বসবাস কৰে প্ৰায় ১০ লক্ষাধিক লোক । বস্তিৰ প্ৰায় ৭০ শতাংশ মানুহেই ব্যৱহাৰ কৰে উমৈহতীয়া শৌচালয় । এনে জনবসতিপূৰ্ণ অঞ্চলত সামাজিক দূৰত্ব বজায় ৰখা কেনেদৰে সম্ভৱ তাক লৈও উত্থাপন হৈছে প্ৰশ্ন ।
প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে এই অঞ্চলত এবাৰ সামাজিক সংক্ৰমণ আৰম্ভ হ’লে সেইটো ৰোধ কৰা অসম্ভৱ হৈ পৰিব । গাত গা লগায় প্ৰায় ১০ লক্ষাধিক মানুহ থকা অঞ্চলটোত সংক্ৰমণৰ সম্ভাৱনাও প্ৰৱল হৈ পৰিছে । মাত্ৰ তিনিটা দিনত তিনিজনকৈ লোক আক্ৰান্ত হোৱাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে প্ৰশাসনক ।