নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ মালদাত টিএমচিক প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ

নিৰ্বাচনী তৎপৰতাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ মালদাত ৩,২৫০ কোটিতকৈ অধিক টকাৰ কেইবাটাও ৰে’ল আৰু পথ অৱকাঠামো প্ৰকল্পৰ শিলান্যাস কৰে। এই উপলক্ষে তেওঁ এখন সভাতো ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীৰ বহু সমৃদ্ধ দেশেও নিজৰ দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বাহিৰ কৰি আছে। আজিৰ দিনত বংগতো বহু অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বাহিৰ কৰাৰ প্ৰয়োজন আছে। তেওঁ প্ৰশ্ন তোলে— টি এম চিয়ে এই অনুপ্ৰৱেশকাৰীসকলক বাহিৰ কৰিব নে? টি এম চিয়ে তেওঁলোকক ভোটাৰ বনাই আছে। বিজেপিৰ চৰকাৰ গঠন কৰক, আমি তেওঁলোকক দেশৰ পৰা বাহিৰ কৰিম।

প্ৰধানমন্ত্ৰীয়ে কয়, “এই অনুপ্ৰৱেশকাৰীসকলৰ বাবে আজি বংগত বহু ঠাইত জনসংখ্যাৰ সমতা ভংগ হৈছে। বিজেপিৰ চৰকাৰ আহিলে এজন এজন কৰি অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বাহিৰলৈ পঠিয়াম। বংগবাসীৰ প্ৰকৃত কল্যাণ তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া উন্নয়নৰ পথত বাধা দিয়া টি এম চি চৰকাৰ নহয়, উন্নয়নমুখী বিজেপি চৰকাৰ হ’ব।” তেওঁ কয় যে মালদা হৈছে এনে এখন ঠাই য’ত প্ৰাচীন ইতিহাস, ৰাজনীতি আৰু সংস্কৃতিৰ প্ৰতিধ্বনি শুনা যায়। আম, লোকসংগীত আৰু ভৌতিক চেতনাৰ বাবেও মালদা পৰিচিত।

তেওঁ লগতে কয়, “পূৰ্ব ভাৰত বহু বছৰ ধৰি ঘৃণাৰ ৰাজনীতি কৰা শক্তিসমূহে আৱৰি ৰাখিছিল। বিজেপিয়ে এই ৰাজ্যসমূহক ঘৃণাৰ ৰাজনীতিৰ কবলৰ পৰা মুক্ত কৰিছে। পূৰ্বাঞ্চলৰ জনতাৰ বিশ্বাস যদি কাৰোবাৰ ওপৰত আছে, তেন্তে সেই দলটোৰ নাম বিজেপি।”

প্ৰধানমন্ত্ৰীয়ে কয়, “ত্ৰিপুৰা, অসম আৰু অলপ দিন আগতে বিহাৰেও বিজেপিক সমৰ্থন দিছে। মা গঙ্গাৰ আশীৰ্বাদত এতিয়া বংগতো উন্নয়নৰ গঙ্গা বৈ যাব। মোৰ সৈতে কওক— পৰিবৰ্তনৰ চৰকাৰ। দেশত বিজেপিয়ে সুশাসন আৰু উন্নয়নৰ এটা মডেল স্থাপন কৰিছে। কালি মহাৰাষ্ট্ৰতো বিজেপিয়ে ঐতিহাসিক জয় লাভ কৰিছে। বিশ্বৰ আটাইতকৈ ডাঙৰ পৌৰ নিগমসমূহৰ ভিতৰত অন্যতম বি এম চিত প্ৰথমবাৰৰ বাবে বিজেপিয়ে ৰেকৰ্ড জয় লাভ কৰিছে। কিছুদিন আগতে তিৰুবনন্তপুৰমতো বিজেপিৰ মেয়ৰ নিৰ্বাচিত হৈছে। এইবোৰে দেখুৱাই যে দেশৰ ভোটাৰ, দেশৰ জেন–জেড প্ৰজন্মই বিজেপিৰ ওপৰত বিশ্বাস ৰাখে।”

তেওঁ কয়, “এটা অনুষ্ঠানত বংগৰ উন্নয়নৰ সৈতে জড়িত বহু প্ৰকল্প উদ্বোধন কৰা হৈছে। নতুন ৰে’ল লাভ কৰিছে বংগই, ইয়াৰ ভিতৰত এখন বন্দে ভাৰত শ্লীপাৰ ৰে’লো আছে। এইটো ‘মেড ইন ইণ্ডিয়া’। আমাৰ সকলোৰে বাবে আনন্দৰ কথা যে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ যি পথেৰে আৰম্ভ হৈছে, সেই পথ বংগৰ মাজেৰে গৈছে আৰু ইয়াৰ এটা ষ্টেচন মালদাতো আছে। ইয়াৰ লগতে আজি বংগই আৰু চাৰিখন ৰে’লো লাভ কৰিছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই বিচাৰোঁ বংগত সকলোৰে নিজৰ পকী ঘৰ হওক, আমাৰ মাতৃসকলে বিনামূলীয়া ৰেচন লাভ কৰক। আপোনালোক এইবোৰৰ অধিকাৰী, কিন্তু দুখৰ কথা এইবোৰ বাস্তৱায়িত হোৱা নাই। টি এম চিৰ লোকসকলৰ বাবে মোৰ বংগৰ দুখীয়া ভাই-ভনীসকলৰ অৱস্থা বেয়া হৈ পৰিছে। তেওঁলোক নিজৰ পকেট ভৰোৱাত ব্যস্ত। আয়ুষ্মান ভাৰত যোজনা বংগত কাৰ্যকৰী হওক, কিন্তু বংগ একমাত্ৰ ৰাজ্য য’ত এই যোজনাটো প্ৰয়োগ হ’বলৈ দিয়া হোৱা নাই।”

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী

You might also like