অনূর্ধ্ব–১৯ বিশ্বকাপত বাংলাদেশৰ অধিনায়কৰে হাত নিমিলালে ভাৰতৰ অধিনায়কে
নিউজ ডেস্ক, ১৭ জানুৱাৰী : অনূর্ধ্ব–১৯ বিশ্বকাপত টছৰ পাছত বাংলাদেশৰ অধিনায়কৰ সৈতে কৰমৰ্দন নকৰিলে ভাৰতৰ অধিনায়ক আয়ুস মাত্রেই। ইয়াৰ আগতে এছিয়া কাপতো ভাৰত-পাকিস্তানৰ মেচত অধিনায়কে হাত মিলোৱা নাছিল। এইবাৰ সেই একে দৃশ্য দেখা গ’ল কনিষ্ঠৰ বিশ্বকাপতো।
বৰ্তমান বাংলাদেশত ভাৰতবিৰোধী কাৰ্যকলাপে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলত খেলিবলৈ নিদিয়াৰ ফলত এই বিৰোধিতা অধিক তীব্ৰ হয়। তদুপৰি বাংলাদেশত হিন্দু হত্যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত প্ৰতিবাদৰ জোৱাৰ উঠিছিল।
ইফালে, আগন্তুক টি–২০ বিশ্বকাপত ভাৰতলৈ খেলিবলৈ আহিবলৈও অনিচ্ছুক বাংলাদেশ। এনে উত্তপ্ত পৰিৱেশৰ মাজতে শনিবাৰে অনূর্ধ্ব–১৯ এদিনীয়া বিশ্বকাপৰ গ্ৰুপ ‘বি’ৰ মেচত বাংলাদেশৰ বিৰুদ্ধে খেলিবলৈ নামে ভাৰত।
উল্লেখ্য যে এই মেচখনত টছৰ সময়ত জাৱাদ আবৰাৰৰ সৈতে হাত নিমিলালে ভাৰতৰ অধিনায়ক আয়ুস মাত্ৰেই। আবৰাৰ বাংলাদেশৰ উপ–অধিনায়ক। অধিনায়ক আজিজুল হাকিমৰ সলনি তেওঁক টছৰ বাবে পঠিওৱা হৈছিল।
শেহতীয়া সময়ছোৱাত ভাৰত-বাংলাদেশৰ ক্ৰিকেটীয় সম্পৰ্কত যি অৱনতি ঘটিছে, এই ঘটনাক তাৰেই প্ৰভাৱ বুলি ধৰা হৈছে। বাংলাদেশত হিন্দু হত্যা তথা সংখ্যালঘু নিপীড়নৰ একেৰাহে ঘটি থকা ঘটনাৰ বাবে ভাৰতত প্ৰতিবাদ হৈছে। ফলত অনূর্ধ্ব–১৯ বিশ্বকাপত ভাৰত–বাংলাদেশৰ বাইশ গজৰ মুখামুখিতো খেলুৱৈৰ মাজত দেখা গ’ল প্ৰতিবাদৰ আন এক ছবি।