আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব৷ প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া এলিভেটেড কৰিড’ৰ প্রকল্পটো সম্পূর্ণ হৈ উঠিলে কাজিৰঙাৰ বন্যপ্রাণীৰ সুৰক্ষাৰ লগতে উত্তৰ অসমৰ পথ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে এক নতুন গতি লাভ কৰিব৷ ইয়াকে লৈ অসমবাসী ৰাইজ উৎসাহিত হৈ পৰিছে৷
পিছে সদায় অসমৰ উন্নয়নৰ চৰম বিৰোধী বুলি নিজ কাম–কাজ আৰু বক্তব্যৰে পৰিচয় উন্মোচিত কৰা প্রদেশ কংগ্রেছৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে এইবাৰ কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰিলে৷
কালি নলবাৰীত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰ স্থাপনৰ মুকলি বিৰোধিতা কৰি কয় যে এলিভেটেড কৰিড’ৰতকৈ যদি সেইখিনি ধন বানপানী সমস্যা সমাধানৰ বাবে মথাউৰি নির্মাণৰ কামত ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে দুখীয়া ৰাইজ বেছি উপকৃত হ’লহেঁতেন৷ সাংসদ গগৈৰ এনে মন্তব্যই সর্বত্র বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ৰাজনৈতিক বিৰোধিতাৰ নামত অসমৰ উন্নয়নবিৰোধী স্থিতি লোৱাটো ৰাইজে সহজভাৱে ল’ব পৰা নাই৷
ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী :