নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত কিশোৰী

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী কিশোৰী। নিহত কিশোৰীগৰাকী ভূটান সীমান্তৰ বেলতল খৈৰাণীৰ সুলেখা বৰ্মন (১৩)।

আজি পুৱা ৬ মান বজাত শোৱাপাটিৰ পৰা উঠি পদূলিমুখলৈ ওলাই আহোঁতে হঠাৎ এটা অকলশৰীয়া বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত প্ৰাণ হেৰুৱায় কিশোৰীগৰাকীয়ে ৷

উল্লেখ্য যে যোৱা ১৪ আৰু ১৮ জানুৱাৰীতো দিনৰ পোহৰতে হাতীৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ  লোক।

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী :

You might also like