ভাৰতে দাইল শস্যত শুল্ক আৰোপক লৈ চিন্তিত আমেৰিকা
নিউজ ডেস্ক, ১৯ জানুৱাৰী : হুলেৰে হুল কঢ়াৰ নীতি লৈছে ভাৰতে৷ ইয়াক লৈ এতিয়া চিন্তিত আমেৰিকা৷ সম্প্রতি আমেৰিকাৰ পৰা আমদানি কৰা দাইল শস্যৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিছে ভাৰতে৷ আমেৰিকাৰ মতে, দেশখনৰ পৰা ভাৰতলৈ ৰপ্তানি কৰা দাইল শস্যৰ ওপৰত ‘অন্যায়ভাৱে অতিৰিক্ত শুল্ক’ আৰোপ কৰিছে ভাৰতে৷
এই সন্দর্ভত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পলৈ চিঠি লিখিছে তেওঁৰ দলৰেই দুগৰাকী ছিনেটৰে৷ তেওঁলোকে লিখিছে– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীক সেই শুল্কৰ হাৰ কমাবলৈ কোৱা হওক৷ বাণিজ্য চুক্তিক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত যি আলোচনা চলিছে, তাত এই বিষয়টোকো অন্তর্ভুক্ত কৰা হওক৷’
উল্লেখ্য যে ভাৰত দাইল শস্যৰ ক্ষেত্রত এতিয়াও আত্মনির্ভৰ হৈ উঠা নাই৷ তথাপি, আত্মনির্ভৰ হোৱাৰ লক্ষ্য লৈয়েই আগবাঢ়িছে কেন্দ্রৰ মোদী চৰকাৰ৷ এতিয়া মূলতঃ আমেৰিকাৰ পৰাই দাইল শস্য আমদানি কৰে নতুন দিল্লীয়ে৷ শেহতীয়াকৈ আমেৰিকাৰ পৰা আমদানি কৰা দাইল শস্যৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিছে ভাৰতে৷ এই ব্যৱস্থা কার্যকৰী হৈছে যোৱা ১ নৱেম্বৰৰ পৰা৷
আমেৰিকাৰ মণ্টানা আৰু উত্তৰ ডাকোটাৰ ৰিপাব্লিকান ছিনেটৰ কেভিন ক্রেমাৰ আৰু ষ্টিভ ডেইনছে এই বিষয়টোক লৈ আপত্তি দর্শাইছে৷ ট্রাম্পলৈ লিখা চিঠিত তেওঁলোকে মন্তব্য কৰিছে যে ইয়াৰ ফলত আমেৰিকাৰ খেতিয়কসকল ক্ষতিগ্রস্ত হৈছে৷ বৃহৎ লোকচানৰ সন্মুখীন হৈছে তেওঁলোক৷ আমেৰিকাৰ পৰা মচুৰ দাইল, বুট আৰু শুকান মটৰজাতীয় শস্য আমদানি কৰে ভাৰতে৷ এই শস্য মূলতঃ মাণ্টানা আৰু উত্তৰ ডাকোটাত উৎপাদন হয় বুলি জনাই ৰিপাব্লিকান ছিনেটৰ দুগৰাকীয়ে ট্রাম্পলৈ চিঠিত লিখিছে যে ভাৰতৰ বজাৰেই তেওঁলোকৰ এলেকাৰ ব্যৱসায়ীসকলৰ মূল লক্ষ্য৷ কিন্তু ভাৰতে অধিক শুল্ক আৰোপ কৰাত তেওঁলোকে কঠিন প্রতিযোগিতাৰ মুখামুখি হ’বলগীয়া হৈছে৷
উল্লেখ্য যে যোৱা বছৰ ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল ট্রাম্পে৷ নতুন দিল্লীয়ে কম দামত ৰাছিয়াৰ পৰা তেল কিনাক লৈ আপত্তি তুলি এই পদক্ষেপ গ্রহণ কৰিছিল আমেৰিকাই৷ এনে পৰিস্থিতিতে ভাৰতে এনেদৰে শুল্ক আৰোপ কৰি আমেৰিকাৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷