নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ কয়লামাৰীত বন্যহস্তীৰ তাণ্ডৱ, ভাঙিলে পাঁ‌চটাকৈ বাসগৃহ

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লামাৰী পঞ্চায়তৰ অন্তৰ্গত কয়লামাৰী চাহ বাগিচাৰ কয়লাপথাৰ আৰু ১/২নং বালিজান গাঁ‌ৱত বন্যহস্তীয়ে কালি নিশা তাণ্ডৱ চলায়। বন্যহস্তীয়ে ভাঙে পাঁ‌চটাকৈ বাসগৃহ।

নিশা শুই থকা অৱস্থাত বালিজানৰ ৰাজ কৰ্মকাৰ, বিজয় কৰ্মকাৰ, বাবুলাল হাসদা আৰু কয়লাপথাৰৰ বাদল বাউৰী, স্বপ্না মুৰ্মুৰ বাসগৃহ ভাঙি মষিমূৰ কৰে এটা দঁ‌তাল বনৰীয়া হাতীয়ে। খাদ্যৰ সন্ধানত জংঘলৰ পৰা অহা এটা দঁ‌তাল হাতীয়ে বাসগৃহকেইটা সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ লগতে ধান-চাউল মহটিয়াই নিয়ে।

উল্লেখ্য যে বাদল বাউৰী আৰু স্বপ্না মুৰ্মুৰ কয়লামাৰী চাহ বাগিচাৰ লাইন কোৱাৰ্টাৰটো সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰে হাতীটোৱে। আঘাতপ্ৰাপ্ত হয় বাসগৃহ দুটাৰ দুগৰাকী।

ৰাইজে অভিযোগ কৰিছে যে জাকে জাকে অহা বন্যহস্তী খেদিবৰ বাবে প্ৰয়োজন হোৱা টৰ্ছ লাইট, বোমা, জোঁ‌ৰ আদি লাগতিয়াল সামগ্ৰীৰ অভাৱৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো সেই সন্দৰ্ভত আবেদন দিছিল যদিও কোনো সুবিধা পাবলৈ সক্ষম হোৱা নাই। অঞ্চলটোত এতিয়া বেলি মাৰ নৌযাওঁ‌তেই বন্যহস্তী আহি ঘৰ, পথাৰ তহিলং কৰে। চৰকাৰ তথা প্ৰশাসনক হাতীয়ে ঘৰ ভঙা পাঁ‌চোটা পৰিয়ালক ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৮ জানুৱাৰী :
You might also like