টি–২০ বিশ্বকাপৰ পূর্বে সমস্যাত ৪২ পাকিস্তানী মূলৰ ক্রিকেটাৰ
নিউজ ডেস্ক, ১৯ জানুৱাৰী : মাত্র বিশ দিনৰ পিছত ভাৰত আৰু শ্রীলংকাত অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপ৷ প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া বিভিন্ন দেশৰ পাকিস্তানী মূলৰ ক্রিকেটাৰৰ ভিছাক লৈ সমস্যাৰ সৃষ্টি হৈছে৷ অৱশ্যে এই সমস্যা সমাধানৰ বাবে আইচিচিয়ে উদ্যোগ লৈছে৷
সংবাদ সংস্থাৰ মতে, ক্রিকেট গৱর্নিং বডীয়ে ৪২গৰাকী পাকিস্তানী মূলৰ ক্রিকেটাৰে ভিছাক লৈ সমস্যাত যাতে নপৰে, তাৰ ওপৰত চকু ৰাখিছে৷ খবৰ অনুসৰি ইতিমধ্যে ইংলেণ্ডৰ আদিল ৰশ্বিদ, ৰেহান আহমেদ আৰু চাকিব মাহমুদে ভিছা লাভ কৰিছে৷ ডাচ্চ ক্রিকেটাৰ আৰু কানাডাৰ সহায়ক কর্মচাৰী শ্বাহ চেলিম জাফাৰৰ ভিছাৰ সমস্যাও সমাধান হৈছে৷ বাকীসকলে অহা সপ্তাহৰ ভিতৰত ভিছা লাভ কৰাৰ সম্ভাৱনা আছে৷
ইতিমধ্যে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ বাংলাদেশৰ আগমনক লৈ ক্রিকেট সমাজত বিভ্রান্তিৰ সৃষ্টি হৈছে৷ ইয়াৰ পৰাই আৰম্ভ হ’ল নতুন বিতর্ক৷ কিছুদিন পূর্বে পাকিস্তানী মূলৰ আমেৰিকান তাৰকা আলী খানে দাবী কৰিছিল যে ভাৰতে তেওঁক আৰু তেওঁৰ চাৰিজন সতীর্থক বিশ্বকাপ খেলিবলৈ ভিছা নিদিয়ে৷ এই বিষয়ত আমেৰিকাৰ ক্রিকেট ব’র্ডে মুকলিকৈ কৈছে আৰু স্পষ্ট কৰি দিছে যে ভিছাৰ আবেদন আনুষ্ঠানিকভাৱে নাকচ কৰা হোৱা নাই৷ এতিয়াও অব্যাহত আছে ভিছা প্রক্রিয়া৷ পাকিস্তানী মূলৰ ক্রিকেটাৰসকলে ভিছা লাভ কৰিবলৈ কিছু সময় লাগিব পাৰে৷
আমেৰিকান ক্রিকেটাৰৰ বাহিৰেও কমেও ৮খন দেশৰ ক্রিকেটাৰে ভিছাৰ সমস্যাত পৰিছে৷ ইয়াৰ ভিতৰত সংযুক্ত আৰব আমিৰ শ্বাহী, ওমান, নেপাল, কানাডা, ইংলেণ্ড, জিম্বাব’ৱে আৰু নেদাৰলেণ্ডছ আদি দেশ৷ তাত পাকিস্তানী মূলৰ ক্রিকেটাৰ আছে৷
জানিব পৰা মতে, আইচিচিয়ে বিভিন্ন দেশৰ ভাৰতীয় দূতাৱাসৰ সৈতে যোগাযোগ কৰি কোনো ক্রিকেটাৰৰ ভিছা যাতে নথি–পত্রৰ বাবে বন্ধ নহয়, তাৰ বাবে তদন্ত চলাই আছে৷