নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ নিছিলামাৰীত হিন্দু সন্মিলনৰ আয়োজন, পূৰ্ণাংগ সমিতি গঠন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি অনুষ্ঠিত হৈ আহিছে হিন্দু সন্মিলন | কামৰূপৰ নগৰবেৰাৰ নিছিলামাৰীতো ৭ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে মালিবাৰী বাসুদেৱ আতৈৰ থান পৰিচালনা সমিতি আৰু হেকৰা যোগীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হিন্দু সমাজৰ সৌজন্যত হিন্দু সন্মিলন অনুষ্ঠিত কৰাৰ যো-জা চলিছে |

সেই উপলক্ষে দেওবাৰে দিনৰ ২ বজাত হেকৰাস্থিত শংকৰদেৱ শিশু নিকেতনত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়৷ সভাত দামোদৰ চৌধুৰীক সভাপতি, ৰঞ্জিত কলিতা আৰু চন্দন দাসক সংযোজক হিচাপে লৈ এখনি ৪০ জনীয়া শক্তিশালী আয়োজক সমিতি গঠন কৰা হয়৷ নিছিলামাৰী বজাৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া হিন্দু সন্মিলনৰ সমূহ কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ জানুৱাৰী :

You might also like