নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নোবেল পালেও হাতত ৰাখিব নোৱাৰিব ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে

নিউজ ডেস্ক, ২০ জানুৱাৰী : নিজে পোৱা নোবেল বঁটা অন্য কাৰো হাততেই তুলি দিব নোৱাৰে মাৰিয়া ক’ৰিনা মাছাডোৱে৷– এই কথা স্পষ্টভাৱে জনাই দিছে নোবেল কমিটীয়ে৷

যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছলৈ গৈ নিজৰ নোবেল বঁটাটি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ হাতত তুলি দিয়ে মাছাডোৱে৷ তাকে লৈ বিশ্ব ৰাজনীতিত চলিছে ব্যাপক চর্চা৷ এনেহেন পৰিস্থিতিতে ২০২৫ বর্ষৰ নোবেল শান্তি বঁটাপ্রাপকগৰাকীক তীব্র তিৰস্কাৰ কৰিলে নোবেল কমিটীয়ে৷

এই সন্দর্ভত নোবেল কমিটীৰ তৰফৰ পৰা দেওবাৰে জাৰি কৰা হৈছে এটা বিবৃতি৷ বিবৃতিটোত কোৱা হৈছে– ‘নোবেল বঁটা প্রতীকীভাৱেও আন কাৰোবাৰ হাতত তুলি দিব পৰা নাযায়৷ আলফ্রেড নোবেলৰ ইচ্ছা তথা চর্তাৱলীক মর্যাদা প্রদান কৰাটো এই কমিটীৰ কর্তব্য৷ সেই চর্তত স্পষ্টকৈ কোৱা হৈছে যে মানৱ জাতিৰ স্বার্থত যাৰ অসাধাৰণ অৱদান আছে, কেৱল তেওঁলোককেই এই বঁটা দিয়া হ’ব৷ নোবেল বঁটা দিয়াৰ যোগ্যতা কাৰ আছে তাকো চর্তাৱলীত কোৱা হৈছে৷ কমিটীয়ে এই কঠোৰ বার্তাৰ জৰিয়তে স্পষ্ট কৰি দিছে যে মাছাডোৰ কার্যত তেওঁলোক যথেষ্ট অসন্তুষ্ট৷

You might also like