গিল-জাদেজাক ৰঞ্জি খেলিবলৈ নির্দেশ ব’ৰ্ডৰ, নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ শাস্তি
নিউজ ডেস্ক, ২০ জানুৱাৰী : প্রথমবাৰৰ বাবে গৃহভূমিত নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলাত পৰাজিত হয় টীম ইণ্ডিয়া৷ আলহী দলটোৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১–২ৰ ব্যৱধানত হেৰুৱায় ভাৰতীয় দলটোৱে৷
অধিনায়ক হিচাপে শুভমন গিলে এতিয়াও এদিনীয়া শৃংখলা দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াক লৈ সুখী নহয় বিচিচিআই৷ শৃংখলাটোত দাঙি ধৰা দুর্বল প্রদর্শনৰ বাবেই অধিনায়ক গিলক ইতিমধ্যে ঘৰুৱা ক্রিকেট খেলাৰ নির্দেশ দিছে ব’র্ডে৷ কেৱল গিলেই নহয়, তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাকো এই একেই আদেশ দিছে ব’র্ডে৷
২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জি ট্রফীৰ মেচত পঞ্জাবে সৌৰাস্ত্রৰ মুখামুখি হ’ব৷ অর্থাৎ দুয়োগৰাকী তাৰকাই উক্ত মেচখনত মুখামুখি হ’ব৷ মন কৰিবলগীয়া যে চলিত ছিজনত এতিয়ালৈকে গিলে ৰঞ্জি ট্রফীৰ কোনো এখন মেচত অংশগ্রহণ কৰা নাই৷ শেষবাৰৰ বাবে বিগত ছিজনত পঞ্জাবৰ হৈ কৰ্ণাটকৰ বিৰুদ্ধে অন্তিমখন মেচ খেলিছিল৷ আনহাতে, জাদেজাই চলিত ছিজনত সৌৰাস্ত্রৰ হৈ মাত্র এখন মেচহে খেলিছে৷
উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া মেচৰ শৃংখলাটোত গিলৰ ৰানৰ সংখ্যা আছিল ক্রমে ৫৬, ৫৬ আৰু ২৩৷ আনহাতে, জাদেজাই তিনিখন মেচত ২৩ অভাৰ বলিং কৰিছে৷ ১৪১ ৰান খৰচ কৰি এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল৷ লগতে তেওঁ মাত্র ৪৩ ৰানহে কৰে৷ এই শৃংখলাটোৰ পিছত জাদেজাৰ এদিনীয়া ক্রিকেটৰ ভৱিষ্যতক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে৷