আজি ভাৰত–নিউজিলেণ্ডৰ মাজত প্রথম টি–২০
ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি নাগপুৰত অনুষ্ঠিত হ’ব৷ সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৱে টি–২০ শৃংখলাটোত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য লৈছে৷
অহা ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপৰ পূর্বে ভাৰতীয় দলটোৰ এইটোৱে হ’ব অন্তিমটো টি–২০ শৃংখলা৷ আজিৰে পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোত সুন্দৰ আৰম্ভণি কৰি আগন্তুক টি–২০ বিশ্বকাপৰ বাবে সাজু হোৱাৰ লক্ষ্য লৈছে সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷
অৱশ্যে শৃংখলাটোৰ পূর্বে চাপত আছে ভাৰতীয় দলটোৰ অধিনায়ক সূর্য কুমাৰ যাদৱ৷ ইতিমধ্যে হৈ যোৱা কেইবাটাও শৃংখলাত আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই অধিনায়কগৰাকীয়ে৷ ইখনৰ পিছত সিখন মেচত দুর্বল বেটিং প্রদর্শন দাঙি ধৰা সূর্য কুমাৰে আজিৰে পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰি বিশ্বকাপলৈ সাজু হোৱাৰ লক্ষ্য লৈছে৷
আজি মেচখনৰ সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয় যে বিশ্বকাপৰ পূর্বে ভাৰতৰ এয়া শেষ প্রস্তুতি৷ গতিকে আমি সকলোৱে শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ সৰু–সুৰা ভুল থাকিলে সেইবোৰ এই শৃংখলাটোতে শুধৰাব লাগিব৷ কাৰণ এই শৃংখলাটোৰ পিছত আমি বিশ্বকাপত ভাগ ল’ম৷ আশা কৰিছোঁ সতীর্থসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷
খেলৰ সময়ঃ নিশা ৭ বজা৷
ডিজিটেল ডেস্ক, ২১ জানুৱাৰী