আমছাৰ নৱনিৰ্বাচিত সভাপতি ডাঃ সুৰেন মজুমদাৰক নলবাৰীত সম্বৰ্ধনা
অসম চিকিৎসক সেৱা সন্থাৰ ৰাজ্যিক সভাপতি পদত নিৰ্বাচিত হৈছে নলবাৰীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সুৰেন মজুমদাৰ৷ গোৱালপাৰাত অনুষ্ঠিত অসম চিকিৎসক সেৱা সন্থাৰ ৫২সংখ্যক অধিৱেশনত ডাঃ মজুমদাৰ বিপুল ভোটৰ ব্যৱধানত সভাপতি পদত নিৰ্বাচিত হয়৷
আনহাতে আমছাৰ নলবাৰী মণ্ডলৰ সাংগঠনিক সম্পাদক পদত নিৰ্বাচিত হয় ডাঃ পৰাগ শৰ্মা৷ নলবাৰীৰ পৰা প্ৰথমবাৰৰ বাবে সভাপতি পদত নিৰ্বাচিত ডাঃ সুৰেন মজুমদাৰ আৰু নলবাৰী মণ্ডলৰ নৱ-নিৰ্বাচিত সাংগঠনিক সম্পাদক ডাঃ পৰাগ শৰ্মাক বিপুল ভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে নলবাৰী আমছা হাউচত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷
এই উপলক্ষে আমছা হাউচত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে৷ আৱতৰীয়া দেৱালী উদযাপন কৰে উৎফুল্লিত চিকিৎসক সকলে৷ আমছাৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ সুৰেন মজুমদাৰ আৰু নলবাৰী মণ্ডলৰ সাংগঠনিক সম্পাদক ডাঃ পৰাগ শৰ্মাক বিপুলভাবে সম্বৰ্ধনা জনায়৷ আমছাৰ নলবাৰী গোটৰ সম্পাদক ডাঃ জয়ন্ত তামুলীয়ে আঁত ধৰা অনুষ্ঠানটোত আমছাৰ নলবাৰী গোটৰ প্ৰাক্তন সম্পাদক ডাঃ অৰুণ বৰ্মন,আমছাৰ প্ৰাক্তন উপ-সভাপতি ডাঃ কামেশ্বৰ লহকৰ,আমছাৰ নলবাৰী গোটৰ উপ-সভাপতি ডাঃ ৰঞ্জন ভট্টাচাৰ্য,আমছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ ধ্ৰুৱজ্যোতি ডেকা,ডাঃ অৰূপ কুমাৰ দাস,ডাঃ ৰূপজ্যোতি পাটোৱাৰী,ডাঃ দিপুল দাস,অসম টাইমৰ মুখ্য সম্পাদক এম মহিবৰ ৰহমান,জ্যেষ্ঠ চিকিৎসক বিশিষ্ট গল্পকাৰ ৰাতুল ভট্টাচাৰ্য আদিয়ে শুভেচ্ছামূলক ভাষণ দিয়ে৷
সভাত ডাঃ আয়ুব আলী,ডাঃ মদন দাস,ডাঃ অমৰেন্দ্ৰ গোস্বামী,ডাঃ ৰমেন শৰ্মা,ডাঃ খনিন্দ্ৰ মোহন সাউদ, ডাঃ গাৰ্গী দাস, ডাঃ গৌতম দাস, ডাঃ গোবিন্দ দাস আদি ভালেসংখ্যক চিকিৎসক উপস্থিত থাকি সম্বৰ্ধনা জনায়৷ আমছাৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ সুৰেন মজুমদাৰ আৰু নলবাৰী মণ্ডলৰ সাংগঠনিক সম্পাদক ডাঃ পৰাগ শৰ্মাই অসম চিকিৎসা সেৱা সন্থাৰ অধীনষ্ঠ চিকিৎসক সকলৰ সমস্যা সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যাব বুলি পোষকতা কৰে৷
নিয়মীয়া বাৰ্তা, নলবাৰী, ২১ জানুৱাৰী