নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাত, আহত চাৰি

লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাত। দুই পক্ষৰ মাৰপিটৰ ঘটনাত চাৰিজনকৈ লোক আহত হয়। লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত মৈৰাবাৰী মৌজাৰ দাঁতিয়ালবড়ি গাঁৱৰ এটুকুৰা মাটিক কেন্দ্ৰ কৰি আজি লাহৰীঘাটত সংঘটিত হয় এই মাৰপিটৰ ঘটনা।

উল্লেখ্য যে উক্ত মাটি টুকুৰা ৪০ বছৰৰ পূৰ্বে ইচব আলীয়ে মজিবুৰ ৰহমানক বিক্ৰী কৰা বুলি হাতত দলিল লৈ দাবী কৰিছে মজিবুৰ ৰহমানে। ইয়াৰ পাছতো ইচব আলীয়ে কিন্তু উক্ত মাটি টুকুৰা নিজৰ বুলি দাবী কৰি আহিছিল। যাক লৈ দুয়ো পক্ষৰ মাজত সংঘাত চলি আহিছিল।

ইফালে এই সন্দৰ্ভত আজি ইচব আলী আৰু মজিবুৰ ৰহমান নামৰ লোক দুজনৰ শুনানী আছিল লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত। সেই অনুসৰি দুয়ো পক্ষৰ লোক ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হয় যদিও শুনানী লোৱা পূৰ্বে তেওঁলোকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

আনকি ৰাজপথতো পুনৰ সংঘটিত হয় মাৰপিট।ফলত মজিবুৰ ৰহমানৰ লগতে ৰাব্বুল হুছেইন, জাকিৰ হুছেইন আৰু আমিৰ হুছেইন আহত হয়।

অভিযোগ মতে, ইচব আলীৰ পক্ষ মানিক মিঞা, আব্দুল কাদিৰ, আছমত আলী, নাজিৰুল ইছলামৰ লগতে একাংশ মহিলাই দলবদ্ধভাৱে লোক কেইজনক আক্ৰমণ কৰে।

ইফালে এই সন্দৰ্ভত আহত মজিবুৰ ৰহমানে লাহৰীঘাট থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ২১ জানুৱাৰী

You might also like