আজি ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টি–২০, দুর্বল ফিল্ডিঙে চিন্তাত ৰাখিছে টীম ইণ্ডিয়াক
নিউজ ডেস্ক, ২৩ জানুৱাৰী : নাগপুৰত বুধবাৰে অনুষ্ঠিত শৃংখলাৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰিলেও দুর্বল ফিল্ডিঙে চিন্তাত ৰাখিছে ঘৰুৱা দল টীম ইণ্ডিয়াক৷ আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি ৰায়পুৰত অনুষ্ঠিত হ’ব৷ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই আজিৰ মেচখনতো বিজয় সাব্যস্ত কৰি শৃংখলাটোত ২–০ৰ অগ্রগতি লোৱাৰ লক্ষ্য লৈছে৷
প্রথমখন মেচত সতীর্থসকলৰ দুর্বল ফিল্ডিঙক লৈ চিন্তিত হৈ পৰিছে ঘৰুৱা দলটোৰ অধিনায়কগৰাকী৷ অৱশ্যে আজিৰ মেচত সতীর্থসকলে তেওঁলোকৰ দুর্বলতা আঁতৰাব পাৰিব বুলি আশা ব্যক্ত কৰি সূর্যকুমাৰে লগতে কয় যে বিগত মেচখনত সতীর্থসকলে দাঙি ধৰা প্রদর্শনত তেওঁ সন্তুষ্ট৷ বেটাৰসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে৷ বলাৰসকলেও আশানুৰূপ প্রদর্শন দাঙি ধৰিছে৷ এই ধাৰা দ্বিতীয়খন মেচতো অব্যাহত ৰাখিব পাৰিব বুলি মই আশাবাদী৷ নিজৰ প্রদর্শন সন্দর্ভত অধিনায়কগৰাকীয়ে কয় যে মই মোৰ নিজৰ প্রদর্শনক লৈ অলপো চিন্তিত নহয়৷ মোৰ ফর্ম ক্রমান্বয়ে উন্নত হ’ব৷ আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত সালসলনি হোৱাৰ সম্ভাৱনা নাই বুলি ব্যক্ত কৰে সূর্যকুমাৰে৷
খেলৰ সময় : নিশা ৭ বজা