টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ
নিউজ ডেস্ক, ২৩ জানুৱাৰী : দীর্ঘদিনীয়া জল্পনা–কল্পনাৰ অন্ত৷ টি–২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত ল’লে বাংলাদেশ ক্রিকেট ব’র্ডে৷ বৃহস্পতিবাৰে বাংলাদেশ ক্রিকেট ব’র্ডে দেশৰ ক্রীড়া উপদেষ্টাৰ সৈতে হোৱা বৈঠকত অহা ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণ নকৰাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে বিশ্বকাপ খেলাৰ ক্ষেত্রত এতিয়াও বিচিবি আশাবাদী৷
যদি বাংলাদেশৰ মেচসমূহ আন স্থানত আয়োজন কৰে, তেতিয়াহ’লে তেওঁলোকে দল প্রেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব৷ বাংলাদেশে আইচিচিক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে৷ বৈঠকৰ অন্তত আছিফ নজৰুলে কয় যে আমি বাংলাদেশৰ জাতীয় দলৰ ক্রিকেটাৰ আৰু ব’ৰ্ডৰ বিষয়াসকলক সাক্ষাৎ কৰিছোঁ৷ আমি সকলোৱে বিচাৰিছিলোঁ যে আমি টি–২০ বিশ্বকাপ খেলিব পাৰোঁ৷ কাৰণ আমি এই সুযোগটো অতি কষ্টেৰে অর্জন কৰিছোঁ৷ ভাৰতত খেলিবলৈ গ’লে আমি নিৰাপত্তাজনিত বিপদৰ সন্মুখীন হ’ম৷ আমাৰ ক্রিকেটাৰসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰা হ’ব৷ গতিকে আমি টি–২০ বিশ্বকাপত ভাগ ল’বলৈ ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰোঁ৷
ইফালে, চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত বিচিবিৰ অধ্যক্ষগৰাকীয়ে কয় যে বাংলাদেশ ক্রিকেট দলে ভাৰতত এখন মেচো খেলিব নোৱাৰে৷ এই সময়ছোৱাত তেওঁ আইচিচিক ব্যর্থ বুলি অভিহিত কৰে৷ আইচিচিয়ে আমাৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰ নকৰিলে৷ বিশ্ব ক্রিকেটৰ বিষয়ে আমি জানো৷ ইয়াৰ জনপ্রিয়তা দিনকদিনে কমি আহিছে৷ আইচিচিয়ে ২০ কোটি লোকক হতাশ কৰিছে৷ ক্রিকেট এতিয়া অলিম্পিক পাইছেগৈ৷ যদি আমাৰ দৰে দেশে তালৈ নাযায়, তেন্তে এয়া হ’ব আইচিচিৰ ব্যর্থতা৷ বিচিবিৰ অধ্যক্ষগৰাকীয়ে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব বুলি কয়৷ ইয়াৰ উপৰি আইচিচিক বৈঠকত লোৱা সিদ্ধান্তৰ ওপৰতো তেওঁ প্রশ্ণ উত্থাপন কৰে৷ আইচিচিয়ে ভুল সিদ্ধান্ত লৈছে আৰু কেৱল বিচিচিআইৰ কথাকে মানি লোৱা হৈছে৷
উল্লেখ্য যে বাংলাদেশ ক্রিকেট ব’র্ডে পুনৰ এবাৰ ভাৰতক অসুৰক্ষিত ঘোষণা কৰে৷ এজন বাংলাদেশী বিষয়াই কয় যে আমি বিশ্বকাপ খেলিব বিচাৰোঁ৷ কিন্তু আমাৰ খেলুৱৈসকলৰ নিৰাপত্তা গুৰুত্বপূর্ণ৷ আইচিচিয়ে নিৰাপত্তাৰ বিষয়ত যি বিচাৰে ক’ব পাৰে৷ কিন্তু আমাৰ এজন খেলুৱৈক টুর্ণামেণ্টৰ পৰা বাহিৰ কৰা হৈছিল৷ ভাৰতে বিশ্বকাপ আয়োজন কৰিছে৷ যদি তেওঁলোকে মুস্তাফিজুৰক নিৰাপত্তা প্রদান কৰিব নোৱাৰিলে, তেন্তে তেওঁলোকে আমাৰ দলটোক কেনেকৈ নিৰাপত্তা প্রদান কৰিব৷ গতিকে খেলুৱৈসকলক বিপদত পেলাব নোৱাৰে বুলি তেওঁ কয়৷
উল্লেখ্য যে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে বাংলাদেশক টি–২০ বিশ্বকাপত অংশগ্রহণৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বুধবাৰে ২৪ ঘণ্টাৰ সময়সীমা নির্ধাৰণ কৰি দিছিল৷