নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

চিৰাং জিলাৰ বিজনীত আজি মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন কৰা হয়। উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি ছেন্টু চকলাদাৰে। ইয়াৰ পিছত নেতাজীৰ প্ৰতিমূৰ্তি সংলগ্ন মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজসেৱী ড° সুবিৰ কুমাৰ দাসে। নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে।
আনহাতে, বন্তি প্ৰজ্বলন কৰে শিক্ষক  অনুপম সৰকাৰ, প্ৰাক্তন বিধায়ক ৰোমিও ব্ৰহ্ম আৰু সমাজসেৱক ডিম্বেশ্বৰ বড়োৱে। কাৰ্যসূচীৰ অংশ হিচাপে নেতাজীৰ সন্মুখত কেক কটা অনুষ্ঠান অনুষ্ঠিত হয়, য’ত অংশগ্ৰহণ কৰে সমাজসেৱক প্ৰদীপ কুমাৰ মণ্ডল, ধীৰাজ বৰগয়াৰী আৰু ডিম্বেশ্বৰ বড়োৱে। লগতে সকলো অতিথিক এখনকৈ উত্তৰীয়াৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবি অৰ্পণ কৰা হয়।
উক্ত অনুষ্ঠানত বিজনী অঞ্চলৰ বহুতো সন্মানীয় ব্যক্তি উপস্থিত থাকে। সমাজসেৱাৰ অংশ হিচাপে অনুষ্ঠানত ১০০জনৰো অধিক দৰিদ্ৰ লোকক কম্বল বিতৰণ কৰা হয়। সন্ধিয়া কলকাতাৰ পৰা অহা শিল্পীৰ দ্বাৰা পৰিৱেশিত দেশভক্তিমূলক গীতসমূহে সমগ্ৰ অনুষ্ঠান অধিক মনোমোহা কৰি তোলে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে আৰু উপাধ্যক্ষ অভিৰাম মহনায়াক। উক্ত অনুষ্ঠান সফলভাৱে সম্পন্ন হোৱাত উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰাজক দাসে ৰাইজ, অতিথি আৰু সহায়কাৰীসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
নিয়মীয়া বাৰ্তা, বিজনী, ২৩ জানুৱাৰী :
You might also like