নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ

ডিজিটেল ডেস্ক, ২৪ জানুৱাৰী : অসমৰ এগৰাকী খেলুৱৈক লৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল। প্ৰথমবাৰৰ বাবে দলটোত অন্তৰ্ভুক্ত কৰা হৈছে এগৰাকী যুৱ বলাৰ । ৬ মাৰ্চৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ একমাত্ৰ টেষ্ট ।

উল্লেখ্য যে হৰমনপ্ৰীত কৌৰক পুনৰ দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰি বিচিচিআয়ে মহিলা টেষ্টৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰিছে । দলটোত যুৱ স্পিনাৰ বৈষ্ণৱী শৰ্মায়ো স্থান লাভ কৰিছে । ২০ বছৰীয়া বৈষ্ণৱীয়ে এতিয়ালৈকে কেৱল টি-২০ ইণ্টাৰনেচনেল ফৰ্মেটতহে খেলিছে । তদুপৰি ক্ৰান্তি গৌড়ৰ উপৰি অ’পেনিং বেটছমেন প্ৰতীকা ৰাৱালক অন্তৰ্ভুক্ত কৰা হৈছে দলটোত ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া দলটো ঘোষণা কৰাৰ লগে লগে অসমবাসীয়েও লাভ কৰিলে এক ভাল খবৰ। টেষ্ট দলটোত স্থান লাভ কৰিছে অসমৰ জীয়ৰী তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ-বেটছমেন উমা ছেত্ৰীয়ে । স্মৃতি মান্ধানাক টেষ্ট দলটোত সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

দলটো : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগোৱেজ, অমনজোত কৌৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), প্ৰতীকা ৰাৱাল, হৰলীন দেউল, দীপ্তি শৰ্মা, ৰেণুকা ঠাকুৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, বৈষ্ণৱী শৰ্মা, সয়ালি সাতঘৰে ।

You might also like