নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভার্চুৱেল শৈশৱ

শৈশৱ মানেই এখন ৰঙীন পৃথিৱী৷ নির্দোষ ধেমালিৰে ভৰা আনন্দোচ্ছল সময়৷ জীৱনৰ কোনো জটিলতাই চুব নোৱৰা সৰলতাৰে ভৰা এছোৱা সময়৷ এই সময়ছোৱাতেই গঢ় লয় মানুহৰ জীৱনৰ বুনিয়াদ৷ ভেটি মজবুত নহ’লে যিদৰে কোনো এটা সৌধৰ স্থায়িত্বৰ ব্যাপ্তি দীঘলীয়া নহয়, ঠিক তেনেদৰে শৈশৱৰ সময়ছোৱা ভালদৰে গঢ়ি তুলিব নোৱাৰিলেও জীৱনৰ গতি আৰু স্থিতি থৰক–বৰক হোৱাৰ আশংকা ৰৈ যায়৷ গতিকে মনোবিজ্ঞানীসকলেও কৈছে যে শৈশৱটো ভালদৰে গঢ়ি তোলাৰ ওপৰতে জীৱনৰ গতি মসৃণ হোৱাটো বহু পৰিমাণে নির্ভৰ কৰে৷ কিন্তু তাহানি আইতাৰ মুখৰ সাধু শুনি, মা–দেউতাৰ হাক–বচন বা দিহা–পৰামর্শ শুনি শৈশৱৰ ধেমালি–ধুমুলাৰ মাজেৰেই জীৱনৰ আদিপাঠ শিকাৰ যেন সময় এতিয়া আৰু নাই৷ তাহানিৰ সমাজখনত যি সামাজিক অভিভাৱকত্ব আছিল সেয়াও আজি হেৰাই গ’ল৷ পৰিৱেশ–পৰিস্থিতি সলনি হ’ল৷ স্কুলীয়া পাঠ্যসূচীৰ হেঁচাই যেন জুমুৰি দি ধৰে আজিৰ শৈশৱক৷ মাত ফুটা–নুফুটা সময়ৰে পৰাই স্কুলৰ চাৰিবেৰৰ মাজত সোমাই পৰিবলগীয়া হয় আজিৰ শৈশৱ৷ ৰং–ধেমালি কৰাৰ অৱকাশো টুটি আহিল৷ আজিকালি পিতৃ–মাতৃ, ককাক–আইতাকৰো সময়ৰ নাটনি শিশুৰ সৈতে উমলিবলৈ৷ শিশুহঁতৰো স্কুলীয়া ৰুটিন, হোমৱর্কৰ বোজাত মূৰ তুলিব নোৱাৰা অৱস্থা৷ এনে পৰিস্থিতিত সাময়িক সকাহ লাভৰ বাবে মনোৰঞ্জনৰ হাততে ঢুকি পোৱা উপকৰণটোৱেই হৈছে স্মার্টফোনটো৷ খাবলৈ আমনি কৰা বা কোনো কথাত থেনথেনাই থকা শিশুটোক নিচুকাবলৈ বেছিভাগ পিতৃ–মাতৃয়েও প্রায়ে হাতত ম’বাইলটো তুলি দি শিশুটোৰ মনত আসক্তি এটা গঢ়ি তুলি পিছলৈ তাক নিচাত পৰিণত হোৱাৰ বাট মুকলি কৰি দিয়ে৷ অলপ ডাঙৰ হোৱাৰ পিছত স্কুলৰ কর্তৃপক্ষই বিভিন্ন নির্দেশনা দিয়া বা শিক্ষক–শিক্ষয়িত্রীয়ে ছাত্র–ছাত্রীক নোট আদি দিয়াকে ধৰি বিভিন্ন ক্ষেত্রত ম’বাইল নির্ভৰ কৰি তোলে শিশুহঁতক৷

সকলো ক্ষেত্রতে দুটা দিশ থকাৰ দৰে এইক্ষেত্রতো দুটা দিশ থাকে৷ ছাত্র–ছাত্রীয়ে ক’ব নোৱাৰাকৈয়ে ম’বাইলৰ প্রতি আসক্ত হৈ পৰে৷ পঢ়া–শুনাৰ বাবে ম’বাইলটোৰ ব্যৱহাৰৰ ফাঁকে ফাঁকে শৈশৱৰ চঞ্চল মনটোৱে ম’বাইলৰ স্ক্রীনত সহজলভ্য আন এখন জগতলৈও ঢাপলি মেলে৷ লাহে লাহে পঢ়া–শুনাতকৈ আনখন জগতহে বেছি প্রিয় হৈ পৰে শিশু–কিশোৰহঁতৰ৷ শিশু মনত ৰঘুমলাৰ দৰে ছানি ধৰা এই প্রৱণতাই কেৱল সিহঁতৰ মানসিক উৎকর্ষ সাধনৰ বাটতে হেঙাৰ হৈ থিয় দিয়া নাই, ই এক ঘৰুৱা তথা সামাজিক সমস্যাৰো সৃষ্টি কৰিছে৷ বহুক্ষেত্রত ঘৰুৱা পর্যায়ত চেষ্টা কৰিও বহু অভিভাৱকে ব্যর্থ হৈ পৰিছে এই প্রৱণতা আঁতৰোৱাত৷ তেনেক্ষেত্রত চৰকাৰৰ কৰণীয় আহি পৰিছে৷ দেশৰ ভৱিষ্যৎ গঢ়াৰ স্বার্থত কিছুমান কঠোৰ পদক্ষেপ লোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ ইতিমধ্যে বিশ্বৰ একাধিক দেশে এইক্ষেত্রত কঠোৰ সিদ্ধান্ত গ্রহণ কৰা দেখা গৈছে৷ এইক্ষেত্রত আগভাগ লৈছে অষ্ট্রেলিয়াই৷ যোৱা মাহত অষ্ট্রেলিয়াৰ ছিনেটত এখন বিধেয়ক গৃহীত কৰি ১৬ বছৰৰ কম বয়সীয়া শিশু–কিশোৰৰ সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচেট, ইনষ্টাগ্রাম আদি ১০টা সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ অষ্ট্রেলিয়াৰ এই সিদ্ধান্তক লৈ বিভিন্ন দেশত চর্চা আৰম্ভ হৈছে৷ ইতিমধ্যে ফ্রান্সেও বিচাৰিছে দেশখনৰ ১৫ বছৰৰ কম বয়সীয়া কিশোৰ–কিশোৰীৰ ক্ষেত্রত একেই ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ৷ ব্রিটেইনেও এই সন্দর্ভত এটা সিদ্ধান্ত ল’বলৈ মার্কিন মনোবিজ্ঞানী জনাথন হাইটৰ সৈতে আলোচনা–বিলোচনা চলাই আছে৷ অষ্ট্রেলিয়াৰ দৰেই এখন আইন ভাৰততো প্রৱর্তন কৰিব পাৰি নেকি তাকে চিন্তা–চর্চা কৰিবলৈ ইতিমধ্যে মাদ্রাজ উচ্চ ন্যায়ালয়েও ভাৰত চৰকাৰক পৰামর্শ দিছে৷

শেহতীয়াকৈ মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে এটা জনস্বার্থজড়িত গোচৰৰ প্রসংগত এই পৰামর্শ দিয়ে৷ ইণ্টাৰনেট সন্দর্ভত শিশুহঁতৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ সেৱা প্রদানকাৰী বা ছার্ভিচ প্রভাইডাৰসকলক নির্দেশ দিয়াৰ বাবে এছ বিজয় কুমাৰ নামৰ এজন লোকে এই গোচৰটো তৰিছিল৷ ইণ্টাৰনেটত বিয়পি থকা পর্ণ’গ্রাফিক কণ্টেণ্টক লৈও তেওঁ আবেদনত উদ্বেগ প্রকাশ কৰে৷ এনে পৰিপ্রেক্ষিততে ন্যায়ালয়ে নিজৰ পর্যবেক্ষণত জনায় যে শিশুহঁতক ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্রত লেকাম লগোৱাৰ বাবে অষ্ট্রেলিয়াৰ দৰে আইন এখন আনিব পাৰি নেকি তাক ভাবি চাওক চৰকাৰে৷ যেতিয়ালৈকে এনে এখন আইন প্রণয়ন নহয়, তেতিয়ালৈকে দেশ আৰু ৰাজ্যসমূহৰ শিশু সুৰক্ষা আয়োগে শিশুহঁতৰ মাজত সচেতনতা বৃদ্ধিৰ কাম কৰিব পাৰে বুলিও মত প্রকাশ কৰে ন্যায়ালয়খনে৷ শেহতীয়াকৈ অন্ধ্রপ্রদেশ চৰকাৰেও ১৬ বছৰৰ অনূর্ধ্ব বয়সীয়াৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱর্ল্ড ইক’নমিক ফ’ৰামৰ বৈঠকৰ মাজতে এটা সাক্ষাৎকাৰত ৰাজ্যখনৰ তথ্য–প্রযুক্তি মন্ত্রী নাৰা লোকেশে এই কথা প্রকাশ কৰে৷

কিশোৰ–কিশোৰীহঁতে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্তটো কিমানদূৰ কার্যকৰী, তাকে লৈ পিছে বিতর্কও নোহোৱা নহয়৷ যিসকলে এই নিষেধাজ্ঞাক সমর্থন কৰিছে, তেওঁলোকে দাবী কৰে যে কিশোৰ–কিশোৰীহঁতৰ মানসিক স্বাস্থ্যৰ অৱনতি ৰোধ কৰাৰ বাবে ই অত্যন্ত জৰুৰী৷ আনহাতে, আন একাংশই ভাবে যে এই সিদ্ধান্ত কিমানখিনি কার্যকৰী হ’ব পাৰে, তাৰ হিচাপ–নিকাচ কৰাৰ সময় এতিয়াও হোৱা নাই৷ তাৰ পৰিৱর্তে আন কিবা পদ্ধতি অৱলম্বন কৰিব পাৰি নেকি তাকো চালি–জাৰি চোৱাৰ পোষকতা কৰে তেওঁলোকে৷ যিগৰাকী মনোবিজ্ঞানীৰ সৈতে ব্রিটেইনে কথা পাতি আছে, সেইগৰাকী হাইটে ২০১৪ চনত ‘দ্য এংচিয়াছ জেনেৰেচন’ নামৰ কিতাপখনত দাবী কৰিছে যে স্ক্রীনৰ ফালে বা সামাজিক মাধ্যমৰ পৃষ্ঠাত বেছি সময় চকু ৰাখিলে শিশুৰ মস্তিষ্কত প্রভাৱ পৰে৷ ইয়াৰ ফলত মানসিক অসুস্থতাৰ এক ‘মহামাৰী’ৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে কানাডাৰ মনোবিজ্ঞানী কেণ্ডিছ অ’ডজার্ডে কিতাপখনৰ সমালোচনা কৰি লিখিছে যে হাইটে এটা ‘ভয়ংকৰ গল্প’ কৈছে, যাৰ সৈতে বিজ্ঞানৰ কোনো সম্পর্ক নাই৷ অষ্ট্রেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক মাইকেল নৱেটেলে হাইটৰ ধাৰণাটোৰ সমর্থনত কয় যে সামাজিক মাধ্যমে যে কিশোৰ–কিশোৰীৰ ক্ষতি কৰে, তাৰ প্রচুৰ প্রমাণ আছে৷ তেনেদৰে কিছুসংখ্যকে আকৌ সামাজিক মাধ্যমৰ অতিৰিক্ত নিয়ন্ত্রণেও বিৰূপ প্রভাৱ পেলাব পাৰে বুলি মন্তব্য কৰে৷

অষ্ট্রেলিয়াৰ অডিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক বেন সিঙে নিজৰ গৱেষণাত দাবী কৰে যে যিসকলে দিনে দুঘণ্টাতকৈ বেছি সময় সামাজিক মাধ্যম ব্যৱহাৰ কৰে আৰু যিয়ে একেবাৰেই ব্যৱহাৰ নকৰে– উভয় ক্ষেত্রতে মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ পৰে৷ তাৰ পৰিৱর্তে পৰিমিতভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পোষকতা কৰে তেওঁ৷ অৱশ্যে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষক এমি আর্বেনে মন্তব্য কৰে যে অষ্ট্রেলিয়াত এই নিষেধাজ্ঞাৰ কিবা বিৰূপ প্রভাৱ পৰে নে নপৰে তাক আমি অহা এবছৰৰ ভিতৰতে বহুখিনি বুজিব পাৰিম৷ সি যি কি নহওক, দেশৰ সুন্দৰ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে যে ইণ্টাৰনেট সেৱাৰ ওপৰত এটা নিয়ন্ত্রণ আৰোপ কৰা উচিত, সি অনস্বীকার্য৷ মাথোঁ ভাল–বেয়া দুয়োটা দিশ বিবেচনা কৰি সঠিক পদক্ষেপ লোৱা উচিত৷

You might also like